অপহৰণ, ধন দাবী কৰি আৰক্ষীৰ জালত বীৰ লাচিত সেনাৰ সদস্যঅপহৰণ, ধন দাবী কৰি আৰক্ষীৰ জালত বীৰ লাচিত সেনাৰ সদস্য

Share and Enjoy !

Shares

অপহৰণ, ধন দাবী কৰি আৰক্ষীৰ জালত বীৰ লাচিত সেনাৰ সদস্য। দিশপুৰ আৰক্ষীয়ে আটক কৰে ৮জন ব্যক্তিক

সোমবাৰে মহানগৰীত অপহৰণৰ চলাই কৰি আটক হ’ল বীৰ লাচিত সেনাৰ ৮জন সদস্য। পুৱা ৯.৩০ বজাত প্ৰতীক্ষা হাস্পতালৰ সন্মুখৰ পৰা সংগঠনটোৰ ১০–১২জনীয়া এটা গোটে অপহৰণ চেষ্টা চলাইছিল যুৱকক। আনকি যুৱকজনৰ পৰা ১৫–২০লাখ টকাৰ মুক্তিপণ দাবীৰো অভিযোগ উত্থাপন হৈছে সংগঠনটোৰ সদস্যসকলৰ বিৰুদ্ধে।

ইয়াৰ পাছতে, দিছপুৰ আৰক্ষীৰ অভিযান চলাই আটক কৰে সংগঠনটোৰ ৮জনকৈ সদস্যক। এই ঘটনাৰে জড়িতৰ অভিযোগত ক্ৰমে, বিশ্বজিত দলে, ইমজাজুল হ’ক, ৰোহন আলী, মোহন বৰা, নিতু আহমেদ, চিন্ময় দেৱ, ৰিয়াজ আহমেদ, বিৰাজ বালা কলিতাক আৰক্ষীয়ে আটক কৰিছে। ঈৰশাদ খান নামৰ এজন গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি আটক কৰে যুৱক কেইজনক। অপহৃত ৰাহুল মিশ্ৰৰ বন্ধু ঈৰশাদ খান।

Leave a Reply

Your email address will not be published. Required fields are marked *