কাৰ্যালয়তে নিজৰ জীৱন শেষ কৰি দিলে যুৱতী সাংবাদিক ৰিতুমণি ৰয়েকাৰ্যালয়তে নিজৰ জীৱন শেষ কৰি দিলে যুৱতী সাংবাদিক ৰিতুমণি ৰয়ে

Share and Enjoy !

Shares

কাৰ্যালয়তে নিজৰ জীৱন শেষ কৰি দিলে যুৱতী সাংবাদিক ৰিতুমণি ৰয়ে। মৃত্যুৰ পূৰ্বে পৰিয়াললৈ বুলি এটি শেষ টোকাও লিখি গৈছে ৰিতুমণি ৰয়ে। দেউতাকালৈ লিখি থৈ যায় এটা টোকা। ৰিতুমণি কৰ্মৰত কাৰ্যালয়ৰ চিচিটিভিত বন্দী হৈছিল সমগ্ৰ দৃশ্য। পোহৰলৈ আহিছে ৰিতুমণিয়ে নিজৰ জীৱন শেষ কৰাৰ সেই মুহূৰ্তৰ চিচিটিভি দৃশ্য।

উল্লেখ্য যে দেওবাৰ ৰিতুমণিৰ পুৱাৰ ভাগত ডিউটী আছিল । ডিউতি শেষ কৰি ৰিতুমণি গৈছিল যদিও নিশা নিজৰ স্কুটীৰে কাৰ্যালয়লৈ পুনৰ গৈছিল ৰিতুমণি ৰয়।

৫ ডিচেম্বৰত বিয়াৰ দিন আছিল সাংবাদিকগৰাকীৰ। বিয়া উপলক্ষে বন্ধু-বান্ধৱীকো আমন্ত্ৰণ কৰিছিল ৰিতুমণিয়ে। ৰিতুমণিৰ পিতৃয়ে জনোৱা অনুসৰি বিয়াৰ বাবে অলংকাৰৰ ক্ৰয়ৰ বাবে ৰিতুমণিক দৰাঘৰীয়াই প্ৰদান কৰিছিল ৫ লাখকৈ টকা। হ’বলগীয়া দৰাজনৰ সৈতে ৭ বছৰীয়া সম্পৰ্কত আছিল যুৱতী সাংবাদিক ৰিতুমণি ৰয়।

ইতিমধ্যে ৰিতুমণি ৰয়ৰ ৰহস্যজনক মৃত্যুক লৈ আৰম্ভ হৈছে তদন্ত। আনফালে পিতৃৰ ভাষ্য অনুসৰি আৰ্থিকভাৱে কিছু চিন্তা আছিল সাংবাদিকগৰাকী।

ৰিতুমণিৰ ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হৈছে বহু প্ৰশ্নৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *