ঘোষণা হ’ল মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ দিন।
সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনালে পৰীক্ষাৰ দিন।
২০২৬ৰ ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা।
২০২৬ বৰ্ষৰ ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক পৰীক্ষা।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ড অনুষ্ঠিত কৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা।
