ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে কেইবা লাখ টকাৰ সামগ্ৰীঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে কেইবা লাখ টকাৰ সামগ্ৰী

Share and Enjoy !

Shares

হাইলাকান্দি চহৰৰ ১৬ নং ৱাৰ্ডৰ শিৱ লোকনাথ লেনত নিশি কুটুম্বৰ হানাত চাঞ্চল্যকৰ ঘটনা।।

স্থানীয় সূত্রে জানিব পৰা মতে, স্থানীয় বাসিন্দা নিখিল চন্দ্ৰ দেবৰ ঘৰত সংঘটিত হৈছে এই চুৰিকাণ্ড। দেব পৰিয়ালৰ সকলো সদস্য চিকিৎসাজনিত কাৰণত গুৱাহাটিলৈ আহিছিল। এই সুযোগতে চোৰৰ দলে নিশা খিৰিকীৰ গ্ৰিল কাটি ঘৰত প্ৰৱেশ কৰি লাখ লাখ টকাৰ সা-সামগ্ৰী লুটি নিয়ে। চোৰৰ দলে নগদ ধন, মূল্যৱান অলংকাৰ আৰু ইলেকট্ৰনিক সামগ্ৰী চুৰি হোৱা সন্দেহ কৰা হৈছে।

আজি পুৱা দেব পৰিয়ালৰ এজন আত্মীয় ফুল তুলিবলৈ আহি ঘৰৰ ভিতৰত দুৱাৰ খোলা আৰু সা-সামগ্ৰী পেলাই থোৱা অৱস্থাত দেখি তৎক্ষণাৎ স্থানীয় লোক আৰু আৰক্ষীক খবৰ দিয়ে। খবৰ পোৱাৰ পিছত হাইলাকান্দি আৰক্ষী ঘটনাস্থলী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *