Share and Enjoy !

Shares

জামুগুৰিহাটৰ তৌভঙাত সাৰ্ব্বজনীন ৰাস মহোৎসৱৰ সফল সমাপ্তি।

কৃষ্ণ বন্দনাৰে মুখৰিত আকাশ বতাহ।

জামুগুৰিহাটৰ তৌভঙাৰ নবিল খেলপথাৰত দুদীনীয়া কাৰ্যসূচীৰে আয়োজিত সাৰ্ব্বজনীন ৰাসমহোৎসৱৰ যোৱ নিশা সফল সমাপ্তি ঘটে৷ নবিল সাৰ্ব্বজনীন ৰাস মহোৎসৱৰ প্ৰথম নিশাৰ শিশুলীলাৰ পিছত দ্বিতীয় নিশা মহাৰাস উদযাপন কৰা হয় ।এই ৰাসমহোৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৰাস প্ৰেমী ভক্তপ্ৰাণ ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি ৰাস ভাওনা শুভাৰম্ভ কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ এতিয়া জামুগুৰিহাটতো দেখা পোৱা গৈছে ৰাস ভাওনাৰ খোল, তাল, বাঁহীৰ সুৰীয়া পৰিবেশ,শৰৎৰ স্নিগ্ধ চিকমিক বিজুলী সদৃশ ৰং বিৰঙী আলোক সজ্জা৷ যোৱা নিশাৰ মহাৰাসত সহস্ৰাধিক ভক্ত প্ৰাণ ৰাইজৰ উপস্থিতিয়ে বৈকুণ্ঠ নগৰীত পৰিনত জামুগুৰিহাটৰ তৌভঙা নবিল খেলপথাৰত ৰাস মহোৎসৱ স্থলী। শৰৎকালৰ জ্যোৎস্না প্লাবিত ৰাতিত গোপীসকলক প্ৰেমৰসত আপ্লুত কৰি শ্ৰীকৃষ্ণই যি লীলাৰে বৃন্দাবন উৎফুল্ল কৰি তুলিছিল সেই প্ৰেম লীলাই হৈছে ৰাস মহোৎসৱ । ইয়াকেই সৰোগত কৰি জামুগুৰিহাটৰ তৌভঙা নবিল খেলপথাৰত উদ্যমী যুৱক নিৰজ নিশিম হাজৰিকাক শংখচূড় ৰূপত লগতে স্থানীয় কলা কৌশলী সকলক দেখা গ’ল কৃষ্ণ ৰাধা, ,গোপীসকলৰ মনোগ্ৰাহী অভিনয়। নবিল সাৰ্ব্বজনীন ৰাস মহোৎসৱৰ সভাপতি উত্তম দাস আৰু সম্পাদক ভৱেন দাসে ৰাস ভাগ সফল সমাপ্তি ঘটোৱাৰ বাবে সকলোকে ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *