জুবিনৰ দেহৰক্ষী পৰেশ বৈশ্যৰ ঘৰত অভিযান দুৰ্নীতি নিবাৰক শাখাৰজুবিনৰ দেহৰক্ষী পৰেশ বৈশ্যৰ ঘৰত অভিযান দুৰ্নীতি নিবাৰক শাখাৰ

Share and Enjoy !

Shares

চলন্ত যাত্ৰীবাহী বাছত ভয়ংকৰ অগ্নিকাণ্ড। নিমিষতে জ্বলি ছাই হৈ যায় কাবেৰী ট্ৰেভেলছৰ বাছখন। বৰ্তমানলৈ ২৫ গৰাকী যাত্ৰীৰ মৃত্যু।

 

অন্ধ্ৰপ্ৰদেশত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। শুকুৰবাৰে পুৱা হায়দৰাবাদ-বাংগালুৰু হাইৱেত এখন যাত্ৰীবাহী বাছত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো।।দুৰ্ঘটনাগ্ৰস্ত বাছখনত আছিল মুঠ ৪০জন যাত্ৰী।

 

আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি, দ্ৰুতগতিত গৈ থকা বাছখনৰ সৈতে এখন বাইকৰ সংঘৰ্ষ হয়। সংঘৰ্ষৰ পিছতে জ্বলি উঠে বাছখন।

 

এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে। মৃত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে তেওঁ। মুখ্যমন্ত্ৰীয়ে প্ৰশাসনক শীঘ্ৰে আহতসকলৰ চিকিৎসাৰ বাবে সকলোধৰণৰ সাহায্য প্ৰদানৰ নিৰ্দেশ দিছে

Leave a Reply

Your email address will not be published. Required fields are marked *