‘জুবিন গাৰ্গে পলিটিক্স নকৰিবা বন্ধু গানটো অখিল গগৈৰ বাবে গাইছিল’ : মন্তব্য মুখ্যমন্ত্ৰী‘জুবিন গাৰ্গে পলিটিক্স নকৰিবা বন্ধু গানটো অখিল গগৈৰ বাবে গাইছিল’ : মন্তব্য মুখ্যমন্ত্ৰী

Share and Enjoy !

Shares

আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ শীতকালীন অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ প্ৰসংগত উত্তাল সদন। বিৰোধীৰ প্ৰশ্নত উত্তাল হয় সদনৰ মজিয়া।

ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ হত্যাকাণ্ড বুলি কয়।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘জুবিন গাৰ্গৰ হত্যা অপূৰণীয় ক্ষতি। প্ৰতিটো জাতি-উপজাতিৰ ক্ষতি।জুবিন গাৰ্গৰ সৈতে আমাৰ সকলোৰে আৱেগ জড়িত হৈ আছে ’’

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে অখিল গগৈক সমালোচনা কৰি কয়, ‘‘ জুবিন গাৰ্গে পলিটিক্স নকৰিবা’ গানটো অখিল গগৈৰ বাবে গাইছিল ।অসমৰ আনন্দ সৰ্বানন্দ বুলি জুবিন গাৰ্গে গাইছিল। ‘বটলা’ বুলি যদি কৈছিল, তেন্তে লুৰীণজ্যোতি গগৈৰ দলৰ কথা কৈছিল। আজি যদি ‘বটলা’ জাতীয় শব্দ ব্যৱহাৰ হয় ,তেন্তে নতুন প্ৰজন্মই ক্ষমা নকৰিব।’’

জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক ঘটনা নহয় বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো BNSৰ 103ত গোচৰ পঞ্জীয়ন কৰা হৈছে। প্ৰাৰম্ভিক পৰ্যায়ৰ তদন্তত এটা কথা স্পষ্ট হয়, এয়া কোনো স্বাভাৱিক ঘটনা নহয়। প্ৰাৰম্ভিক তদন্তত আমি স্পষ্ট হৈছোঁ, এয়া এক হত্যাকাণ্ড। ১০৩ ধাৰা সংযোজন নকৰিলে সিদ্ধাৰ্থ শৰ্মা বা আনসকল দুমাহৰ ভিতৰত ৰেহাই পালেহেঁতেন। জুবিনৰ হত্যা SITয়ে কোৱা নাই। যিমান তদন্ত হৈছে 103 ধাৰাৰ ভিত্তিত হৈছে। আজিৰ বিৰোধী পক্ষৰ হাতত কোনো ৰাজহুৱা তথ্য নাই। আজিলৈ জে’লত থকাসকল হত্যাকাণ্ডৰ গোচৰত জে’লত আছে। এয়া সন্দেহৰ আৱৰ্তত নাই, এয়া এক হত্যাকাণ্ড।’’ বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *