জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথত নামিল ৰাজ্যিক বিজেপিৰ কাৰ্যকৰ্তাজুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথত নামিল ৰাজ্যিক বিজেপিৰ কাৰ্যকৰ্তা

Share and Enjoy !

Shares

জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথত বিজেপি। আজিৰে পৰা জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথত নামিল ৰাজ্যিক বিজেপিৰ কাৰ্যকৰ্তা তথা দলীয় সমৰ্থকসকল।

দোষীয়ে যাতে কোনোপধ্যেই সাৰি যাব নোৱাৰে তাৰ বাবেই আৰম্ভ কৰিলে জন সমদল । ঠায়ে ঠায়ে হ’ব বিজেপিৰ এই জন সমদল ।

আজি প্ৰথম দিনটোত নলবাৰীৰ পৰা আৰম্ভ হ’ল বিজেপিৰ এই ন্যায় যাত্রা । নলবাৰীৰ ছহিদ মুকুন্দ কাকতি বাছ আস্থানৰ পৰা উলিওৱা হ’ল সমদল ।

জানিব পৰা মতে বাছ আস্থানৰ পৰা গর্ডন খেলপথাৰলৈ এই সমদল উলিয়াই বিজেপিয়ে । নলবাৰী জিলা সমিতিৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে সঠিক ন্যায় প্ৰদানৰ আহ্বানত আয়োজন কৰা হৈছে সমদলৰ ।

উল্লেখযোগ্য যে, এই সমদলত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্লবৰুৱা আদিয়ে ৷ পৰৱৰ্তী সময়ত ২৩ অক্টোবৰত মঙলদৈ, ২৪ অক্টোবৰত ডিব্ৰুগড়, ধেমাজি, কাছাৰত বিজেপিয়ে কৰিব ন্যায় যাত্রা ৷

Leave a Reply

Your email address will not be published. Required fields are marked *