মহানগৰীৰ জালুকবাৰীত শোকাৱহ পথ দুৰ্ঘটনা।
তীব্রবেগী কন্টেইনাৰৰ খুন্দাত নিহত এগৰাকী লোক ।
২৭নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিব লওঁতেই দুৰ্ঘটনাত পতিত।
গড়চুকৰ পৰা জালুকবাৰী অভিমুখী আছিল কন্টেইনাৰখন।
নিহত লোকজন জালুকবাৰীৰ গণেশ নন্দী (৪২) বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনা সংঘটিত কৰা কন্টেইনাৰখনৰ নম্বৰ WB177361।
ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই কন্টেইনাৰ এৰি পলায়ন চালকৰ।
সম্প্ৰতি জালুকবাৰী যানবাহন আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে।
লগতে দুৰ্ঘটনা সংঘটিত কৰাৰ কন্টেইনাৰখন জব্দ কৰে।
