সমগ্র ৰাজ্যৰ সমান্তৰাল ভাবে শিৱসাগৰতো শ্বহীদ দিৱসৰ ব্যাপক কাৰ্যসূচী।
শিৱসাগৰ জিলা প্ৰশাসনে ঐতিহাসিক বৰপুখুৰী পাৰত জ্বলাই ১০ হাজাৰ গছ বন্তি শ্বহীদক সুঁৱৰি।
অন্যহাতে ঐতিহাসিক বৰ্ডিংখেলপথাৰত শ্বহীদ দিৱসৰ কাৰ্যসূচীত ১০ হাজাৰ লোকে একেলগে পৰিবেশন কৰিব ‘শ্বহীদ প্ৰণামো তোমাক’ গীত।
মন্ত্ৰী বিমল বড়া উপস্থিত থাকিব শিৱসাগৰৰ শ্বহীদ দিৱসৰ কাৰ্যসূচীত।
উল্লেখ যে শ্বহীদ দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বৰপুখুৰী পাৰত বন্তি জ্বলাই শ্বহীদ সকলক শ্ৰদ্ধা জনোৱা এই কাৰ্যসূচীত উপস্থিত থাকে আজি জিলা উন্নয়ন আয়ুক্ত , কেইবাগৰাকীও অতিৰিক্ত আয়ুক্ত আৰুকেইবাগৰাকীও কাৰ্যবাহী দণ্ডাধীশ ।