Share and Enjoy !

Shares

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি ৰাজ্য চৰকাৰৰ উদ্যোগত  শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰতিখন জিলাত ব্যতিক্ৰমী ৰূপত উদযাপন কৰা হয় সুধাকণ্ঠৰ স্মৃতি দিৱস। সকলো জিলাতেই সুধাকণ্ঠৰ অমৰ সৃষ্টি “মানুহে মানুহৰ বাবে…” গীতটি একেলগে পৰিৱেশন কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

মহানগৰীৰ লতাশিল খেলপথাৰত অনুষ্ঠিত মুখ্য অনুষ্ঠানত সংগীত শিল্পী, ছাত্ৰ-ছাত্ৰী, সংস্কৃতি প্ৰেমী আৰু সাধাৰণ ৰাইজে একত্ৰিত হৈ “মানুহে মানুহৰ বাবে” গীতটি পৰিৱেশন কৰি জনগায়কজনক সোঁৱৰণ কৰে। অনুষ্ঠানত উপস্থিত থাকে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়া, সাংসদ বিজুলী কলিতা মেধি, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া বিভিন্ন বিশিষ্ট ব্যক্তি।

অনুষ্ঠানত মন্ত্ৰী বিমল বড়াই কয় —“সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জীৱন আৰু সৃষ্টিৰাজি অসমৰ গৌৰৱ। চৰকাৰে তেওঁৰ জন্ম শতবাৰ্ষিকী উপলক্ষে দেশজুৰি বছৰজোৰা কাৰ্যসূচী লৈ উদযাপন কৰি আহিছে। তেওঁ যি গীত ৰচনা কৰিছিল, তাত মানৱতাৰ বাণী আছে। নৱপ্ৰজন্মে তেওঁৰ চিন্তন, সৃষ্টি আৰু আদৰ্শৰ ওপৰত গৱেষণা আৰু আলোচনাত অংশ লওক — এইয়াই আমাৰ আশা।”

সদৌ অসম ছাত্ৰ সন্থাই দীঘলীপুখুৰী পাৰত সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উপস্থিত থাকে সংগঠনৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, আৰু আন নেতৃত্ব।

ড° ভট্টাচাৰ্যই কয় —“প্ৰতিবছৰে আমি একে প্ৰশ্ন উত্থাপন কৰোঁ — কেতিয়া ভূপেন দাৰ সৃষ্টি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব? কেতিয়া বিশ্ববিদ্যালয়সমূহত তেওঁৰ নামত গৱেষণাৰ আসন স্থাপন হ’ব? গুৱাহাটী ৰে’ল ষ্টেচনৰ নাম কেতিয়া ভূপেন হাজৰিকাৰ নামত নামাকৰণ হ’ব? আৰু তেওঁৰ সমাধিক্ষেত্ৰ কেতিয়া উপযুক্ত ৰূপে বিকাশ হ’ব? এতিয়া ‘ডাবল ইঞ্জিন’ চৰকাৰে এই দাবীবোৰ পূৰণ কৰিবই লাগিব।”

তেওঁ লগতে কয়, “চৰকাৰে ‘মানুহে মানুহৰ বাবে’ গীতটো ৰাজ্যজুৰি পৰিৱেশনৰ উদ্যোগ লোৱা এক ভাল পদক্ষেপ। কিন্তু এইবিলাক একদিনৰ কাৰ্যসূচী নহয় — স্থায়ীভাৱে সাংস্কৃতিক উন্নয়ন কৰাৰ প্ৰয়োজন। ছাত্ৰ-ছাত্ৰীসকলে ভূপেন দাৰ সৃষ্টি অধ্যয়ন কৰিব পৰা ঠাই স্থাপন হ’ব লাগিব।”

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কয় —“ভূপেন দাৰ গীত শুনিলে অসমৰ ইতিহাস নতুনভাৱে পঢ়িব পৰা যায়। তেওঁৰ সৃষ্টিৰাজি বিশ্বৰ মঞ্চত চিৰকাল প্ৰতিষ্ঠা কৰিব লাগিব। চৰকাৰে শতবৰ্ষ উপলক্ষে এটা দীঘলীয়া ৰূপৰেখা অংকন কৰিব লাগিব যাতে ভূপেন দাৰ সৃষ্টি চিৰজীৱী হৈ থাকে।”

দীঘলীপুখুৰীৰ অনুষ্ঠানৰ পাছত আছু নেতৃত্বে ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সন্ধিয়া ৫ বজাৰ পৰা ১০,০০০ বন্তি প্ৰজ্বলন আৰু সুধাকণ্ঠৰ গীতসমূহ ছেক্স’ফোনৰ সুৰত প্ৰতিধ্বনিত কৰে শিল্পী কৈলাশ ৰাভা আৰু তেওঁৰ দল।

Leave a Reply

Your email address will not be published. Required fields are marked *