Share and Enjoy !

Shares

# ১৩ শতাধিক অসমীয়া যুৱকে জয় আই অসম ধ্বনিৰে কপালে জামুগুৰিহাটৰ পকামুৰা পথাৰ ৷
# হাতে হাতে হেংদান লৈ ৰাজপথত লাচিতৰ বেশত ১৩শ যুৱক ৷
# প্ৰতিকী নাওলৈ চতিয়াৰ পৰা জামুগুৰিহাটৰ পকামুৰা পথাৰলৈ ১৫ কিঃমি পথ শোভাযাত্ৰা দহ সহস্ৰাধিকৰ ৷
# শোভাযাত্ৰাত গোৰ্খা,মিচিং,বড়ো আৰু আদিবাসী যুবকৰ নিজস্ব সংস্কৃতি প্ৰদৰ্শন ৷
# অসম বুকচ অৱ ৰেকৰ্ডত স্হান লাভ৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদ:  সমষ্টিৰ জামুগুৰিহাটত এক অভিনৱ কাৰ্যসুচীৰে উদযাপন কৰা হয় লাচিত দিৱস ৷ এই উদ্দেশ্যৰে পূৱাই জয় আই অসম,আছে হেংদান লোৱা নাই,ললে হেংদান ৰক্ষা নাই ধ্বনিৰে জামুগুৰিহাটৰ আকাশবতাহ কপাই তোলে নদুৱাৰ সমষ্টিৰ একহেজাৰ তিনিশ পাহোৱাল অসমীয়াই ডেকাই ৷ চতিয়াৰ ভুমিধৰ বৰদলৈ ষ্টেডিয়ামৰ পৰা এক বিশাল সু-সজ্জিত প্ৰতিকী নাঁও আৰু দুইশ খন ট্ৰেক্টৰত উঠি তেৰশ যুৱকে হাতত হেংদাঙ লৈ প্ৰায় ১০ কি:মি: ৰৰো অধিক পথ অতিক্ৰম কৰি জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ স্হলী পকামুৰা পথাৰত সমবেত হয় ৷ এই বিশাল শোভাযাত্ৰাত গোৰ্খা ডেকা সকলে খুকুৰি মিচিং ডেকা সকলে অক্সা, বড়ো সকলে দাও আৰু আদিৱাসী ডেকা সকলে হাতত ধনু কাড়লৈ জাতীয় সাজপাৰ পিন্ধি অংশগ্ৰহণ কৰে ৷ এই লাচিত দিবসৰ কাৰ্যসুচীত শৰীৰ চৰ্চাবিদ মহাদেব ডেকা,বিজিত গগৈ,পংকজ বৰা আৰু মহিলা ক্ৰিকেট খেলুৱৈ উমা ছেত্ৰীক উষ্ম অভিনন্দন জ্ঞাপন কৰে কন্যকা পৰিয়ালে ৷ ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ উদ্যোগত আৰু নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ সুপুত্ৰ নিৰজ নিশিম হাজৰিকাৰ বিশেষ তৎপৰতাত অনুষ্ঠিত এই লাচিত দিৱসৰ কাৰ্যসুচীয়ে অসম বুক অৱ ৰেকৰ্ডচত স্থান পোৱা বুলি মন্তব্য কৰে অসম বুকচ অৱ ৰেকৰ্ড কতৃপক্ষই ৷ উক্ত অনুষ্ঠানতে খেলুৱৈ উমা ছেত্ৰীক কন্যকা তৰফৰ পৰা বিধায়ক পদ্ম হাজৰিকাই বিপুল সম্বৰ্দ্ধনা জ্ঞাপন কৰি নগদ পাচঁলাখ টকাৰ চেক উপহাৰ প্ৰদান কৰে৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *