ৰঙাপৰাত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজনৰ;আহত এজনৰঙাপৰাত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজনৰ;আহত এজন

Share and Enjoy !

Shares

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ।ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ৰঙাপৰাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত৷ ৰঙাপৰাত বন্যহস্তীয়ে দীৰ্ঘদিন ধৰি উপদ্ৰৱ চলাই আহিছে।।দেওবাৰে বন্যহস্তীৰ আক্ৰমনত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুত্বভাৱে আহত হয়৷ ৰঙাপৰাৰ ২ নং কলাবিলত সংঘটিত হয় এই ঘটনা৷

বন্যহস্তী আক্ৰমনত নিহত হোৱা লোকজন হৈছে ২ নং কলাবিলৰ চুজিত পুৰ্তি। লগতে আহত হয় তেওঁৰ ভাতৃ বুধুৰাম পুৰ্তি বুলি জানিব পৰা গৈছে৷

জানিব পৰা মতে,সোমবাৰে সন্ধিয়া সময়ত তাৰাজুলি চাহ বাগিচাৰ পৰা মটৰচাইকেলেৰে নিজ বাসগৃহ কলাবিললৈ গৈ থকা সময়ত হঠাৎ এটা বন্যহস্তীয়ে আক্ৰমণ কৰে৷

আনহাতে, বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে ভাইয়েক বুধৰাম পুৰ্তি ৷ হাতীয়ে আক্ৰমণ কৰাৰ সময়ত পলায়ন কৰি প্ৰাণ ৰক্ষা কৰে বুধৰামে ৷ ইফালে, নিশা বন বিভাগৰ লোক কলাবিলত উপস্থিত হৈ হাতীটো খেদি পঠিয়াবলৈ সক্ষম হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *