Share and Enjoy !

Shares

অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰৰ তনুস্কা বৰাই

ৰাষ্ট্ৰীয় ক্ৰীড়াৰ মঞ্চত সোণৰ পদকেৰে জিলিকিল কলিয়াবৰৰ তনুস্কা বৰা।

কলিয়াবৰৰ নিবাসী পবিত্ৰ বৰা আৰু কাকো বৰাৰ কন্যা তনুস্কা বৰাৰ এই সাফল্যত উৎফুল্লিত প্ৰশিক্ষক প্ৰাঞ্জল তামুলী।

নতুন দিল্লীৰ তালকাটোৰা ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা All India Inter Zonal Karate Championships 2025 ত টেলেংগানাৰ খেলুৱৈক পৰাস্ত কৰি সোণৰ পদক লাভ কৰে তনুস্কাই

ইয়াৰ পূৰ্বেও North East Zone Karate Championship ত অৰুণাচল প্ৰদেশক পৰাস্ত কৰি তনুষ্কাই সোণৰ পদকেৰে উজ্বলি উঠিছিল।

সম্প্ৰতি Shadow Martial Art Academy কলিয়াবৰত প্ৰশিক্ষণ লৈ আছে তনুস্কাই।

Leave a Reply

Your email address will not be published. Required fields are marked *