আজি ২ ডিচেম্বৰ। সমগ্ৰ অসমবাসীয়ে আজি পালন কৰিব ‘অসম দিৱস’ বা চুকাফা দিৱস(Asom Divas 2025) ।
আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেও চাওলুং চুকাফাৰ নেতৃত্বত ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে চাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় ৰখাৰ মানসেৰে বিশেষ দিনটো পালন কৰা হয়।
১৯৮৭ চনৰ পৰা প্ৰতি বছৰৰ ডিচেম্বৰ মাহৰ ২ তাৰিখে সমগ্ৰ অসমবাসীয়ে ‘‘অসম দিৱস’’ হিচাপে পালন কৰি আহিছে। আজি সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত চলিছে চুকাফা দিৱসৰ আয়োজন। ৰাজ্য চৰকাৰৰ উদ্যোগতো পালন কৰা হ’ব অসম দিৱস।
উল্লেখ্য যে, চুকাফা দিৱসৰ লগত সংগতি ৰাখি চৰকাৰে প্ৰদান কৰি আহিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চুকাফা বঁটা।
