আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস; প্ৰতি বছৰে ১৬ নৱেম্বৰৰ দিনটোক সমগ্ৰ দেশে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰেআজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস; প্ৰতি বছৰে ১৬ নৱেম্বৰৰ দিনটোক সমগ্ৰ দেশে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰে

Share and Enjoy !

Shares

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। প্ৰতি বছৰে ১৬ নৱেম্বৰৰ দিনটোক সমগ্ৰ দেশে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰে(National Press Day 2025) ।

উল্লেখ্য যে, ১৯৬৬ চনৰ ১৬ নৱেম্বৰত প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া স্থাপন কৰা হৈছিল। এই দিনটোৰ পিছৰে পৰা প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াই (পিচিআই) নৈতিক প্ৰহৰী হিচাপে কাম কৰি আহিছে যাতে সংবাদ মাধ্যমে এই শক্তিশালী মাধ্যমৰ পৰা আশা কৰা উচ্চ মানদণ্ড বজাই ৰাখে।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উদ্দেশ্য হৈছে গণতন্ত্ৰত এখন স্বতন্ত্ৰ সংবাদ মাধ্যমৰ গুৰুত্ব কঢ়িয়াই অনা। সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি জনা যায়। কোৱা হয় যে সাংবাদিকসকল সমাজৰ এক আইনা, যি প্ৰতিকূল পৰিস্থিতিতো সত্য উলিয়াই আনে। এই দিনটো সংবাদ মাধ্যমৰ স্বাধীনতা আৰু সমাজৰ প্ৰতি ইয়াৰ দায়বদ্ধতাৰ প্ৰতীক(A symbol free and responsible press in India)।

প্ৰেছ আয়োগে ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা সুৰক্ষা কৰিবলৈ এটা প্ৰেছ কাউন্সিল গঠন কৰাৰ পৰিকল্পনা কৰিছিল।

উল্লেখ্য যে, ভাৰতৰ প্ৰেছ আয়োগে ১৯৫৬ চনত প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া স্থাপনৰ পৰামৰ্শৰে ই সাংবাদিকতাত পেছাদাৰী নৈতিকতা বজাই ৰখাৰ সৰ্বেশ্ৰেষ্ঠ উপায় হ’ব বুলি সিদ্ধান্তত উপনীত হৈছিল।১৯৭৮ চনৰ প্ৰেছ কাউন্সিল আইনৰ অধীনত ১৯৬৬ চনত ভাৰতীয় প্ৰেছ কাউন্সিল গঠন কৰা হৈছিল।

বৰ্তমানৰ ভাৰতীয় প্ৰেছ কাউন্সিলৰ অধ্যক্ষ হিচাপে আছে ন্যায়াধীশ ৰঞ্জনা প্ৰসাদ দেশাই।

Leave a Reply

Your email address will not be published. Required fields are marked *