Share and Enjoy !

Shares

যুগান্ত বায়ন : গুৱাহাটী ২৭ ডিচেম্বৰ

সদাব্যস্ত গুৱাহাটীৰ চান্দমাৰীৰ ৰাজপথৰ কাষত নিজস্ব প্ৰিয় গান গোৱাৰ ভংগীমাৰে চিৰ জীৱন্ত হিউবছে অসমৰ লোকসংগীতক এই অনন্য মাত্ৰা প্ৰদান কৰা প্ৰখ্যাত লোকগীত শিল্পী প্ৰতিমা পাণ্ডে বৰুৱা।
যাৰ গানৰ সুৰত প্ৰবাহিত হৈছিল জনগণৰ সুখ-দুখত বন্যা, মন-মগজুৰ প্ৰতি নিয়ত ক্ৰিয়া কৰি আছিল জাতিৰ কলা-সংস্কৃতিক বিকশাই তুলি জগত সভালৈ লৈ যোৱাৰ অলেখ সপোন। হে দুৰন্ত বিশ্বাস কঢ়িয়াই লৈ ফুৰা এইজনেই হৈছে হস্তীৰ কন্যা পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা। তেওঁৰ গানত নিজৰ সাৰুৱা মাটিৰ গোন্ধে কলবলাই আছিল। অবিভক্ত গোৱালপাৰা জিলাৰ গোৱালপৰীয়া লোক সংস্কৃতিৰ অনবৈদ্য উপাদান গোৱালপৰীয়া লোকগীতক বিশ্ব দৰবাৰত এক বিশেষ স্তৰলৈ লৈ যোৱাৰ বাবে প্ৰতিমা বৰুৱাই গ্ৰহণ কৰা নিৰলস প্ৰচেষ্টা জাতিটোৱে চিৰকাললৈ স্মৰণ কৰি থাকিব। ৰাইজৰ মাজত প্ৰতিমা দি হিচাপে খ্যাতি লাভ কৰা প্ৰতিমা পাণ্ডে বৰুৱাৰ জন্ম হৈছিল গৌৰীপুৰৰ ৰাজপৰিয়ালত ১৯৩৫ চনৰ ৩ অক্টোবৰত। তেওঁৰ পিতৃ প্ৰয়াত প্ৰকৃতিশ চন্দ্ৰ বৰুৱা ভাৰতৰ এগৰাকী কুশল কথাছবি নিৰ্মাতা, “দেৱদাস” খ্যাত প্ৰমথেশ বৰুৱা। প্ৰতিমা দিৰ পিতৃ গৌৰীপুৰৰ প্ৰাক্তন বিধায়ক হোৱাৰ লগতে প্ৰখ্যাত হাতী চিকাৰী হিচাপে জনাজাত আছিল। সেইবাবেই প্ৰতিমা বৰুৱা হাতীৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হৈছিল। তেওঁৰ বহুগীতত হাতীৰ জীৱন পৰিক্ৰমা ফুটি উঠিছিল। গৌৰীপুৰৰ ৰাজকুমাৰী হ’লেও প্ৰতিমা বৰুৱাই ৰাজকীয় জীৱন প্ৰত্যাখ্যান কৰিছিল। ৰাজকীয় সুবিধা আৰু মৰ্য্যদাক আওকাণ কৰি তেওঁ সৰুৰে পৰাই নিজকে “দোতাৰা”ৰ সুৰ আৰু গোৱালপৰীয়া লোকসংগীতৰ বিশাল সাগৰৰ মাজত বিলীন কৰি তেওঁ গোৱালপৰীয়া লোকসংগীতক ভাৰতবৰ্ষৰ সংগীত জগতত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। সংগীতৰ প্ৰতি থকা দুৰ্বাৰ হেঁপাহ আৰু তাড়নাৰ বাবে তেওঁ সাংসাৰিক জীৱনৰ প্ৰতি উদাসীন আছিল যদিও নিজকে এগৰাকী সংগীত শিল্পী হিচাপে প্ৰতিষ্ঠা কৰাৰ পিছত তেওঁ বিবাহ বান্ধোনত বান্ধ খাইছিল।
প্ৰতিমা দিৰ গীত হাতী আৰু মাউতে প্ৰাধান্য পাইছিল যদিও তেওঁৰ গীতত প্ৰেমৰ সৌন্দৰ্যও স্থান লাভ কৰিছিল। তেনেকৈ মানৱ জীৱনৰ বিষাদ গাথাও গীতবোৰত ঠাই পাইছিল। তেওঁৰ প্ৰতিটো গানত তেওঁৰ আশে-পাশে থকা সমাজৰ প্ৰকৃত ছবিখনে বাস্তৱ ৰূপ পোৱাৰ লগতে এটা সংস্কৃতিৰ ৰুঢ় বাস্তৱবোৰেও প্ৰাণ পাই উঠিছিল। এতিয়াও সেই গীতবোৰে অসমৰ জন জীৱনক লগত আলোড়িত কৰি ৰাখিছে।
ৰাজ পৰিয়ালৰ কন্যা হৈও কেতিয়াও অভিজাত্যৰ গৌৰৱ নকৰা প্ৰতিমা বৰুৱাই সকলো স্তৰৰ লোকৰ প্ৰতি শ্ৰদ্ধা আৰু উদাৰ ভাৱ প্ৰদৰ্শন কৰিছিল। জাতি, ধৰ্ম নিৰ্বিশেষে সকলো লোকৰ পৰা সংগীতৰ জ্ঞান আহৰণ কৰা শিল্পীগৰাকীয়ে নিজৰ সংস্কৃতিৰ ঘৰুৱা বাদ্যযন্ত্ৰ যেনে- তবলা, দোতাৰা, হাৰমনিয়াম, তাল আদি তেওঁৰ সংগীত পৰিৱেশনত ব্যৱহাৰ কৰি এগৰাকী প্ৰকৃত শিল্পীৰ পৰিচয় দাঙি ধৰিছিল।
প্ৰতিমা পাণ্ডে বৰুৱাৰ বৰ্ণিল জীৱন পৰিক্ৰমাৰ লগত পথ প্ৰদৰ্শক হিচাপে জড়িত হৈ থকা সুধাকন্ঠ ড⁰ ভূপেন হাজৰিকাৰ প্ৰসংগ এৰাই চলিলে তেখেতৰ সাংগীতিক জীৱন বুৰঞ্জী আধৰুৱা হৈ ৰ’ব। সুধাকন্ঠৰ সাহস আৰু প্ৰেৰণাৰ বাবেই গোৱালপৰীয়া লোকগীত আকাশবাণীৰ জৰিয়তে ব্যাপক ৰূপত প্ৰচাৰ লাভ কৰি এই লোক সংগীতে সাৰ্বজনীনতাৰ চৰিত্ৰৰে উদ্ভাসিত হৈ পৰিছিল। দুয়োগৰাকী কিংবদন্তি শিল্পীৰ মহামিলনৰ বাবেই গোৱালপৰীয়া লোকসংগীত বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হৈছিল। ভূপেন হাজৰিকা আৰু প্ৰতিমা বৰুৱাই মিলি কেইবাটাও অপূৰ্ব লোকগীতৰ সৃষ্টি কৰিছিল । এনেবোৰ বিশাল কাৰ্য্যক্ৰমনিকাৰে প্ৰতিমা বৰুৱাই ভূপেন হাজৰিকাৰ লগত অসমৰ বিভিন্ন ঠাইত একেলগে আৰু কেতিয়াবা অকলেই নিজৰ সতীৰ্থৰ লগত লোকসংগীত পৰিৱেশন কৰি অসমৰ বাৰেবৰণীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰি গৈছে।
এই মহান শিল্পীগৰাকীয়ে তেওঁৰ সহস্ৰ অনুৰাগীক বেদনাসিক্ত কৰি ২০০২ চনৰ ২৭ ডিচেম্বৰত পৃথিৱীৰ মায়া ত্যাগ কৰি স্বৰ্গগামী হয়ম তেওঁৰ অভাৱ আজিও প্ৰতিগৰাকী অসমীয়াই অনুভৱ কৰি আহিছে। এই মহান শিল্পীগৰাকীৰ অৱদান আৰু জীৱনগাথা কেইটামান শব্দৰে প্ৰকাশ কৰাটো সম্ভৱ নহয়।
তেওঁৰ মহান আত্মা আৰু সৃষ্টিৰাজি চিৰকাল অসমৰ সংগীতৰ আকাশত চিৰ উজ্বল হৈ তেতিয়াহে থাকিব, যেতিয়া সাম্প্ৰতিক সময়ৰ গতিধাৰাই শিল্পীগৰাকীৰ অনবৈদ্য সম্ভাৰখিনিক উচিত আৰু শুদ্ধ ৰূপত মৰ্য্যদা প্ৰদান কৰিব।

 

 

(২৭ ডিচেম্বৰ মৃত্যু দিৱস উপলক্ষ্যে)

Leave a Reply

Your email address will not be published. Required fields are marked *