আজি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত SITয়ে সংবাদমেল সম্বোধন কৰে।
SITৰ SDGP মুন্নাপ্ৰসাদ গুপ্তাই সম্বোধন কৰে সংবাদমেল।।
বৃহস্পতিবাৰে ছিংগাপুৰৰ পৰা উভতি অহাৰ পিছত আজি সংবাদ মাধ্যমক সম্বোধন কৰে মুন্না প্ৰসাদ গুপ্তাই।
মুন্না প্ৰসাদ গুপ্তাই সংবাদমেলত কয়, ‘‘ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠক সফল আছিল। আমি দুয়ো পক্ষই বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য আদান-প্ৰদান কৰিলোঁ। ছিংগাপুৰ আৰক্ষীয়ে ছিংগাপুৰত কৰা জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আমাক দিছে। আমি ছিংগাপুৰ আৰক্ষীৰ পৰা নিৰ্দিষ্ট সময়ৰ ভিতৰত আইনী সহযোগিতা বিচাৰিছোঁ। তেওঁলোকে আমাক এইক্ষেত্ৰত ইতিবাচক সঁহাৰি দিছে।’’
লগতে তেওঁ কয়, ছিংগাপুৰত বিভিন্ন ঘটনাস্থলী আমি পৰিদৰ্শন কৰিলোঁ। আইনীভাৱে ছিংগাপুৰত কৰিব পৰা সকলোখিনি অনুসন্ধান কৰিছোঁ। আমাৰ তদন্তৰ বাবে লাগতীয়াল বহু তথ্য লাভ কৰিছোঁ। হোটেলৰ CCTVৰ ভিজুৱেল আমাক দিয়াৰ আশ্বাস দিছে। ১০ দিনমানৰ ভিতৰত হোটেলৰ CCTVৰ ভিজুৱেল দিয়াৰ আশ্বাস দিছে।
