আজি বটদ্ৰৱাৰ জনসভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক লৈ তীব্ৰ কটাক্ষ কৰে৷
বটদ্ৰৱাত অনুষ্ঠিত এখন জনসভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলক লক্ষ্য কৰি একাধিক তীব্ৰ কটাক্ষ কৰাৰ লগতে প্ৰাসংগিক মন্তব্য আগবঢ়ায়। সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ নীতি-নিৰ্দেশনা আৰু কাৰ্যপদ্ধতিৰ ওপৰত প্ৰশ্ন তুলি কয় —”কংগ্ৰেছীসকলক সৰুতে মিঠাতেলেৰে মালিচ কৰা নাছিল”।
মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্যৰ পিছতে উল্লেখ কৰি আৰু কয় যে “মিঠাতেলৰ কথা ক’লে সেইকাৰণে কংগ্ৰেছে মোক ট্ৰল কৰে”।
তেওঁয়ে লগতে কংগ্ৰেছীসকলক ‘অৰুণোদয়’ আঁচনিৰ জৰিয়তে দিয়া বিনামূলীয়া চাউলৰ কথাও উল্লেখ কৰি কয় —
“মই কংগ্ৰেছীসকলকো অৰুণোদয়ৰ চাউল বিনামূলীয়াকৈ দিছোঁ। ট্ৰল কৰিলেও কংগ্ৰেছীসকলেই লাইনত প্ৰথমে থিয় হয়”।
মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলৰ দ্বিচাৰিতা উন্মোচন কৰাৰ চেষ্টাৰে সোধে —”কংগ্ৰেছীসকলে কিয় বিনামূলীয়া চাউল ল’বলৈ যায়?”
সঁহাৰি হিচাপে তেওঁ ঘোষণা কৰে —
“মই মিঠাতেল দিমেই” — এই বুলি কংগ্ৰেছক এক প্ৰকাৰৰ চেলেঞ্জও জনায়।
উল্লেখযোগ্য যে, এই মন্তব্যসমূহৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ওপৰত ৰাজনৈতিকভাৱে এক নতুন ৰণনীতিমূলক আক্রমণ চলায়। জনসাধাৰণৰ মাজত এই বক্তব্যে বিভিন্ন প্ৰতিক্ৰিয়া জন্ম দিয়াৰ সম্ভাৱনা সৃষ্টি কৰিছে।
