Share and Enjoy !

Shares

সৰ্থেবাৰীৰ ঐতিহাসিক কাঁপলা বিলত বেদখল আৰু পৰিভ্ৰমী চৰাই নিধন কাৰ্যত খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমৰ উদ্বেগ প্ৰকাশ।  জিলাৰ সৰ্থেবাৰী অঞ্চলৰ ইতিহাস সমৃদ্ধ কপলা বিলত একাংশ সন্দেহ জনক লোকৰ দ্বাৰা অবাধ গতিত হোৱা বেদখল কাৰ্য আৰু অতি সম্প্ৰতি বিল খনলৈ আগমণ ঘটা পৰিভ্ৰমী চৰাই সমূহক এই লোক সকলে ব্যাপক হাৰত নিধন কৰা কাৰ্যক খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমৰ অধ্যক্ষ গোবিন্দ গায়ন সচিব প্ৰধান কৃষ্ণ কান্ত দাস আৰু প্ৰচাৰ সচিব যুগান্ত বায়নে এই সম্পৰ্কত প্ৰকাশ কৰা এটা বিবৃতি যোগে কয় যে,অসম চৰকাৰে ৰাজ্য খনৰ বিভিন্ন প্ৰান্তত অবৈধ ভাবে দখল হৈ থকা ভূমি আৰু জলাশয় সমূহ বেদখলৰ পৰা মুক্ত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।
কিন্তু বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত ঘটি থকা বেদখল কৃত ভূমি সমূহ বেদখলৰ মুক্ত কৰাৰ বাবে এতিয়ালৈ কোনো ব্যবস্থা গ্ৰহণ নকৰাৰ ফলত এনে সন্দেহ যুক্ত নাগৰিকে ভূমি সমূহ বেদখল কৰাৰ বাবে উৎসাহিত হৈ পৰিছে।

লক্ষণীয় ভাবে সৰ্থেবাৰী ৰাজহ চক্ৰৰ অধীনৰ কাপ লা বিলত এই শীত কালৰ সময়ত দেশ ,বিদেশৰ পৰা অহা নানা ৰঙী পৰিভ্ৰমী চৰাইৰ কল ৰবে অঞ্চলটোক মুখৰিত কৰাৰ লগতে মানুহৰ মন ,প্ৰাণ পুলকিত কৰি তোলে ।প্ৰকৃতিৰ এই মনোমোহা পৰিবেশক নস্যাৎ আৰু কলুষিত কৰিবলৈ এই সকল সন্দেহ যুক্ত লোকে এই পৰিভ্ৰমী চৰাই সমূহ নিধন কৰা কাৰ্যত লিপ্ত হৈ অঞ্চলটোৰ নিৰ্মল আৰু বৰ্ণিল পৰিবেশ সৃষ্টি কৰা ক্ষেত্ৰত বাধা দিয়াৰ লগতে বিল খন বেদখল কৰি এটা অঞ্চলৰ এক ইতিহাস বিলুপ্ত কৰাৰ লগতে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰ লৈও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমে বৰপেটা জিলা আয়ুক্তক এনে সন্দেহ যুক্ত লোকৰ এনে প্ৰকৃতি ধ্বংস কৰা কাৰ্য প্ৰতিহত কৰাৰ লগতে বিল খনক বেদখল মুক্ত কৰিবলৈ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *