গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ বিশেষ পদক্ষেপ।
গ্ৰন্থাগাৰটোৰ উদ্যোগত তথা PGSUৰ সহযোগত তিনিদিনীয়াকৈ আয়োজন ‘গুৱাহাটী বিশ্ববিদ্যালয় গ্ৰন্থমেলা ২০২৫’ ৰ।
বিশ্ববিদ্যালয়ৰ কনভেনছন চেন্টাৰত আয়োজন কৰা বিশ্ববিদ্যালয়ৰ ইতিহাসৰ সৰ্ববৃহৎ গ্ৰন্থমেলাখন উদ্বোধন কৰে উপাচাৰ্য অধ্যাপক নানীগোপাল মহন্তই।
লগতে উপস্থিত থাকে গ্ৰন্থাগাৰটোৰ গ্ৰন্থাগাৰিক ড৹ প্ৰশান্ত কুমাৰ ডেকা, সহঃ গ্ৰন্থাগাৰিক গৌৰীশংকৰ কৰ্মকাৰকে প্ৰমুখ্য কৰি বহু গণ্য-মান্য ব্যক্তি।
এই গ্ৰন্থমেলাত দেশৰ বিভিন্ন বিভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে।
সৰ্বমুঠ ৬৪ খনকৈ বিপনী থকা এই গ্ৰন্থমেলাই শিক্ষাৰ্থীসকলক বিদ্যায়তনিক বিশেষভাৱে সহায় কৰিব বুলি উপাচাৰ্য তথা গ্ৰন্থাগাৰিকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।
উল্লেখ্য যে, কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰ হৈছে দেশৰ অন্যতম বৃহৎ গ্ৰন্থাগাৰ।
ইয়াত ২ লাখ ৮০ হাজাৰৰো অধিক গ্ৰন্থ, ৬ হাজাৰৰো অধিক পিএইচডি গৱেষণা গ্ৰন্থ আছে।
ইয়াৰোপৰি গ্ৰন্থাগাৰটোত ৪৫০০ৰো অধিক সংৰক্ষিত সাঁচিপাতৰ পুথিসহ বৃহৎসংখ্যক সমল আছে।
