Share and Enjoy !

Shares

বিজেপিৰে ৩৫ বছৰীয়া যাত্ৰা সামৰি অসম জাতীয় পৰিষদত যোগ দিলে ৰাজেন গোহাঁই৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, বিজেপিৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন ৰাজ্যিক সভাপতি ৰাজেন গোঁহায়ে ৰাষ্ট্ৰীয় দল এৰি আঞ্চলিক দলত যোগ দিলে। বিজেপি ত্যাগী ৰাজেন গোঁহাইৰ আঞ্চলিকবাদ দৰকাৰ হৈ পৰিছে৷

এক সময়ৰ বিজেপিৰ প্ৰভাৱশালী নেতা, ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা পূৰ্বৰ মন্ত্ৰী ৰাজেন গোঁহায়ে এতিয়া পদুম এৰি উঠিছে জাহাজত। তেওঁ দলে-বলে যোগ দিলে অসম জাতীয় পৰিষদত (অজাপ)।

বুধবাৰে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই গুৱাহাটীস্থিত অজাপ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে দলটোৰ সদস্য হয় ৰাজেন গোঁহাই।

ৰাজেন গোঁহাইৰ লগতে আন কেইবাগৰাকীও প্ৰাক্তন আছু নেতাই অজাপত যোগ দিয়ে৷

উল্লেখযোগ্যভাৱে, আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ৰাজেন গোঁহায়ে বঢ়মপুৰ সমষ্টিৰ পৰা অজাপৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা বহুলভাৱে চৰ্চিত। এই সমষ্টিত বৰ্তমানে বিজেপিৰ বিধায়ক জিতু গোস্বামী বিধায়ক হৈ আছে৷

ৰাজনৈতিক মহলৰ মতে, ৰাজেন গোঁহাইৰ এই পদক্ষেপ অসমৰ ৰাজনীতিত নতুন সমীকৰণ সৃষ্টি কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *