চেন্নাইৰ ৰাজভৱনত গৌৰৱোজ্জ্বল ভাৱে উদযাপিত হ’ল ‘অসমৰ দিৱস’।
চেন্নাইৰ ৰাজভৱনে আজি উৎসাহ আৰু সৌন্দৰ্যৰে পৰিপূৰ্ণ এক অনুষ্ঠানৰ মাজত ‘অসমৰ দিৱস’ উদযাপন কৰি তুলি লৈছিল অসমবাসীৰ সমৃদ্ধ পৰম্পৰা, সংস্কৃতি আৰু অৱদান। এই গৌৰৱময় অনুষ্ঠানত উপস্থিত থাকি সমগ্ৰ কাৰ্যসূচী পৰিচালনা কৰিছিল স্থানীয় ৰাজ্যপাল মহামান্য থিৰু আৰ. এন. ৰাভি দেৱে। তেওঁৰ উপস্থিতিয়ে অনুষ্ঠানটো অধিক অৰ্থবহ কৰি তুলিছিল।
অনুষ্ঠানটোৰ অন্যতম বিশেষ আকর্ষণ আছিল চেন্নাই অসম স্পিৰিচুৱেল চছাইটিৰ সভাপতি শ্ৰী মনোজ কুমাৰ শর্মা।তেখেতক ৰাজ্যপালে বিশেষভাৱে সম্বর্ধনা জনাই। অসম আৰু তামিলনাডুৰ মাজত সাংস্কৃতিক সম্প্ৰীতি দৃঢ় কৰাত তেওঁৰ সামাজিক অৱদানৰ পৰিপ্ৰেক্ষিতত এই সন্মান প্ৰদান কৰা হয়। সমাজসেৱা আৰু সংস্কৃতিগত সমন্বয়ৰ ক্ষেত্ৰত তেওঁৰ কৰ্মই সৰ্বত্ৰ প্ৰশংসা লাভ কৰিছে।
এই বিশেষ সুযোগত ৰাজ্যপাল ভৱনত শ্ৰী প্ৰমুদ বৰা, কুমাৰী লেখাশ্ৰী বুৰাগোহাঁই আৰু শ্ৰীমতী সুদক্ষণা প্রদত্ত উৎকৃষ্ট সাংস্কৃতিক প্ৰদৰ্শন উপস্থাপিত হয়। তেওঁলোকৰ মনোমোহা পৰিবেশনে অসমৰ সমৃদ্ধ শিল্প-সংস্কৃতিৰ এক অনন্য ঝলক প্ৰদৰ্শন কৰি সকলোকে মোহিত কৰিছিল।
চেনাইস্থিত অসমীয়া সমাজ একেলগে মিলিত হৈ ইতিহাস, ঐক্য আৰু সমৃদ্ধ সাংস্কৃতিক পৰম্পৰা উদযাপন কৰিলে। এই অনুষ্ঠানটোৱে অসম আৰু তামিলনাডুৰ জনগণৰ মাজত থকা সুদৃঢ় ভ্ৰাতৃত্বসূচক সম্পৰ্ক আৰু পৰস্পৰীয় আদৰ-সন্মানৰ মানসিকতাক আৰু অধিক দৃঢ় কৰি তুলিলে।
