জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথত বিজেপি;দৰং জিলা বিজেপিৰ উদ্যোগত জুবিন গাৰ্গৰ ন্যায়ৰ আহ্বানত বিশাল পদযাত্ৰাজুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথত বিজেপি;দৰং জিলা বিজেপিৰ উদ্যোগত জুবিন গাৰ্গৰ ন্যায়ৰ আহ্বানত বিশাল পদযাত্ৰা

Share and Enjoy !

Shares

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথত বিজেপি। বুধবাৰৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথত নামিল ৰাজ্যিক বিজেপিৰ কাৰ্যকৰ্তা তথা দলীয় সমৰ্থকসকল।

 

দোষীয়ে যাতে কোনোপধ্যেই সাৰি যাব নোৱাৰে তাৰ বাবেই আৰম্ভ কৰিলে জন সমদল । ঠায়ে ঠায়ে হৈছে বিজেপিৰ এই জন সমদল ।

 

বুধবাৰে প্ৰথম দিনটোত নলবাৰীৰ পৰা আৰম্ভ হ’ল বিজেপিৰ এই ন্যায় যাত্রা । নলবাৰীৰ ছহিদ মুকুন্দ কাকতি বাছ আস্থানৰ পৰা উলিওৱা হৈছিল সমদল ।

 

আজি দৰং জিলা বিজেপিৰ উদ্যোগত জুবিন গাৰ্গৰ ন্যায়ৰ আহ্বানত এক বিশাল পদযাত্ৰা উলিওৱা হয়। মঙলদৈ চহৰৰ ভেবাৰঘাট কৃষ্টি সংঘৰ খেলপথাৰৰ পৰা কৰিমচকলৈ উলিওৱা হয় এই পদযাত্ৰা ৷

 

জুবিন গাৰ্গৰ ন্যায় দাবীত উলিওৱা এই পদযাত্ৰাত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। পদযাত্ৰাত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া,অসম চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰিকা,বিধায়ক পৰমানন্দ ৰাজবংশী ,প্ৰাক্তন বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যেতি দাস সহিতে বিজেপিৰ নেতা কৰ্মী উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *