Share and Enjoy !

Shares

আজি ২৫ নৱেম্বৰত অসম বিধান সভাত দাখিল কৰা হ’ব ১৯৮৩ চনত সেই সময়ৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে অসমত জাপি দিয়া অবৈধ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ নেলীত হোৱা হত্যাকাণ্ড সন্দৰ্ভত হিতেশ্বৰ শইকীয়া নেতৃত্বৰ অবৈধ চৰকাৰে গঠন কৰা তিৱাৰী আয়োগৰ প্ৰতিবেদন।আজি এই মূহুৰ্তত আমাৰ মনলৈ আহিছে সেই ৮৩ চনৰ ভয়াৱহ আৰু ভয় লগা সময়বোৰৰ কথা। অসম আন্দোলনৰ সময়ৰ তিৰাশিৰ অবৈধ নিৰ্বাচন প্ৰতিৰোধ সংগ্ৰামৰ সময়ত আমি হাউলী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পালন কৰি সেই দুৰ্যোগৰ প্ৰত্যক্ষদৰ্শী ৰূপে বিভিন্ন ঘটনা পৰি ঘটনাত সংপৃক্ত হৈ পৰিব লগা হৈছিল।
অসম তথা ভাৰতবৰ্ষক অবৈধ বিদেশীৰ প্ৰব্ৰজনৰ হাতোৰাৰ পৰা ৰক্ষা কৰিবলৈ অসমৰ সৰ্বস্তৰৰ ৰাইজে কৰা ঐতিহাসিক অসম আন্দোলনৰ মূল দাবী আৰু সত্বাৰ বিৰুদ্ধে গৈ এক মাত্ৰ সাংবিধানিক বাধ্যবাধকতাৰ দোহাই দি এটা নিৰ্বাচন অনুষ্ঠিত কৰি সমগ্ৰ অসম খনকেই এক অগ্নিপিণ্ডত পৰিণত কৰা হৈছিল। পুলিচ আৰু ৰাষ্ট্ৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজ দিনে নিশাই অনেক প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব লগা হৈছিল। আন্দোলনৰ নেতাসকল অনাহাৰ , অনিদ্ৰাৰ মাজেৰে ৰাইজৰ সুৰক্ষাৰ বাবে যুঁজিব লগা হৈছিল।চৰকাৰী কৰ্মচাৰীসকলে প্ৰশাসনে জোৰকৈ নিৰ্বাচন পৰিচালনাৰ বাবে নিয়োগ কৰাৰ আশঙ্কাত ঘৰৰ পৰা নিলগত থাকিব লগা হৈছিল। হাবিৰ মাজত ৰাতি কটাব লগা হৈছিল।চৰকাৰৰ খিলঞ্জীয়া অসমীয়া বিৰোধী স্থিতিৰ পাৰ্শ্বক্ৰিয়া হিচাপে আমাৰ এই অঞ্চলটো বিভিন্ন ঘটনা পৰিঘটনা সংঘটিত হৈছিল। কেইবাগৰাকীও ছাত্ৰ নেতা গুৰুতৰভাৱে আহত হৈছিল ।চৰকাৰী কাৰ্য্যালয়ত যাতে নিৰ্বাচনী কাম কাজ চলাব নোৱাৰে তাৰ বাবে ৰাইজে দিনে নিশাই দৃষ্টি ৰাখিছিল ।এনে পৰিৱেশ তেতিয়া গোটেই অসম খনতেই বিৰাজ কৰিছিল।
অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ ভিতৰত অধিকাংশ শ্বহীদে সেই ৮৩ চনৰ অভিশপ্ত সময়তেই শ্বহীদ বৰণ কৰিব লগা হৈছিল। এনে ঘটনাৰ বৃহৎ ঘটনাটো সংঘটিত হৈছিল ,সেই সময়ৰ নগাঁও জিলাৰ নেলী অঞ্চলত ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত। নেলীৰ সেই ঘটনা বাধা দিয়াত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছিল সেই সময়ৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ। নেলীৰ ঘটনাত এটা বিশেষ জনগোষ্ঠীৰ লোকক হত্যা কৰা হৈছিল বুলি একাংশই ক’ব খোজে যদিও সমান্তৰালকৈ থলুৱা খিলঞ্জীয়া লোকেও মৃত্যু বৰণ কৰিব লগা হৈছিল।
থলুৱা লোকে এই নিৰ্বাচনত ভোট দান কৰা নাছিল। কিন্তু বৰ্তমান পৰিস্থিতিত অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত অপৰিহাৰ্য্য হৈ পৰা এটা বিশেষ ভাষী লোকৰ লগতে সন্দেহজনক বাংলাদেশী নাগৰিকে ভোটদান কৰি অসমৰ জাতীয় জীৱনক বিৰাট ক্ষতি কৰিছিল। ৪টা ভোট লাভ কৰিও এজন লোক বিধায়ক হৈছিল।হেজাৰ হেজাৰ লোকৰ মৃতদেহৰ ওপৰেৰে গঠিত হৈছিল এখন অবৈধ চৰকাৰ, মুখ্যমন্ত্ৰী হৈছিল হিতেশ্বৰ শইকীয়া।
আজি অসম চৰকাৰে তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ লগতে অসম মুক্তি যুঁজাৰু সন্মিলনৰ দ্বাৰা গঠন হোৱা বেচৰকাৰী মেহতা আয়োগৰ প্ৰতিবেদন দাখিল কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তই তিৱাৰী আয়োগৰ একপক্ষীয় প্ৰতিবেদনৰ তথ্যৰ দ্বাৰা যাতে সেই জুইয়ে পোৰা তিৰাশিৰ দিনবোৰৰ এক ঋণাত্মক ধাৰণা নতুন প্ৰজন্মই ল’ব লগা নহয় ,সেয়া চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত যোৱা ২২ নৱেম্বৰত হোৱা সভাৰ সিদ্ধান্তই এক নিৰপেক্ষ ছবি দাঙি ধৰিব। কিয়নো তিৱাৰী আয়োগে আন্দোলনকাৰী কোনো পক্ষৰ পৰা সাক্ষ্য গ্ৰহণ কৰা নাছিল।

 

যুগান্ত বায়ন, সহযোগী সম্পাদক

Leave a Reply

Your email address will not be published. Required fields are marked *