Share and Enjoy !

Shares

নলবাৰীৰ ৰাস মহোৎসৱত ১০ হাজাৰ শিল্পীয়ে একেলগে পৰিৱেশন কৰিব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীত। ৬ নৱেম্বৰত গৰ্ডন ফিল্ডত অনুষ্ঠিত হ’ব এই বিশেষ সংগীতানুষ্ঠানৰ । এই কথা ঘোষণা কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

 

উল্লেখ্য যে,অহা ৫ নৱেম্বৰৰ পৰা ১৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱ । ইতিমধ্য়ে প্ৰায় সম্পূৰ্ণ হৈছে ৰাস মহোৎসৱৰ প্ৰস্তুতিপৰ্ব । এইবাৰ মৃণ্ময় মূৰ্তি ৰাস, পুতলা ৰাস আৰু জীৱন্ত ৰাস এই তিনিবিধ ৰাসৰ সমাহাৰ ঘটিব নলবাৰীৰ ৰাস মহোৎসৱত ৷ ৰাসত ৫ খনকৈ থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব লগতে ৰাজ্যৰ সকলো থিয়েটাৰকে সামৰি এইবেলি বঁটাৰ বাবে বিবেচনা কৰা হ’ব বুলিও জানিবলৈ দিয়ে। এই ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্পৰ্কে সদৰী কৰে উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

 

সোমবাৰে এক সংবাদমেল সম্বোধন কৰি ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্পৰ্কে উল্লেখ কৰি উদযাপন সমিতিৰ সভাপতি জয়ন্ত মল্লবৰুৱাই কয়, “জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই অহা ৬ নৱেম্বৰত গৰ্ডন ফিল্ডত অনুষ্ঠিত হ’ব বিশেষ সংগীতানুষ্ঠান । ৫ ৰ পৰা ১০ হাজাৰ শিল্পীয়ে একেলগে পৰিৱেশন কৰিব জুবিন গাৰ্গৰ গীত । এই সংগীতানুষ্ঠানৰ পৰিকল্পনা কৰিছে দিগন্ত ভাৰতীয়ে ।”

Leave a Reply

Your email address will not be published. Required fields are marked *