জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদ: নৱবৰ্ষ সমাগত, সৌন্দৰ্য্যৰাণী চিজুচাই হাতবাউলি মাতিছে বনভোজ প্ৰেমীক ৷
সৌন্দৰ্য্যৰাণী চিজুচাৰ মনোমোহা দৃশ্য উপভোগৰ বাবে আগমন ঘটিছে দুৰ দুৰনীৰ বনভোজ প্ৰেমী ৰাইজৰ৷ জামুগুৰিহাটৰ সমীপৰ অৰুনাচল সীমান্তৰ চিজুছাৰ বৰদিকাই নদীৰ ওপৰত স্হাপন কৰা বৃহৎ জলসিঞ্চন প্ৰকল্পৰ কাষৰ এই বনভোজ স্হলীত প্ৰতি বছৰেই ভিৰ কৰে শ শ বনভোজ দলে৷ নৱবৰ্ষ সমাগত বাবেই বিভিন্ন প্ৰান্তৰ যুৱক যুৱতী তথা বনভোজ প্ৰেমী ৰাইজ বৰদিকৰাই নদীখনৰ পাৰলৈ ঢাপলি মেলিছে প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগৰ মাজেৰে নৱবৰ্ষক আদৰিবৰ বাবে৷ মংগলবাৰৰ দিনটোত বনভোজৰ দলৰ লগতে সুদুৰ লক্ষীমপুৰৰ পৰাও আহিল এটি ছাত্ৰছাত্ৰীৰ এটি দল৷ ক্ষেত্ৰ অধ্যয়নৰ বাবে অহা এই ছাত্ৰছাত্ৰীৰ দলটোৱে বৰদিকৰাই নদী খনৰ সিপাৰৰ নামেৰী টাইগাৰ ৰিজাৰ্ভত থকা এখন বাটাৰফ্লাই পাৰ্কত বিভিন্ন প্ৰজাতিৰ ৰংবিৰঙৰ পখিলাৰ সৌন্দৰ্য্য উপভোগ কৰি এই সন্দৰ্ভত তথ্য সংগ্ৰহ কৰাও পৰিলক্ষিত হল৷ অৰুনাচল সীমান্তৰ ছিজুচাৰ বৰদিকৰাই নদীৰ পাৰত তৃপ্তিৰে এসাজ খালে ছাত্ৰছাত্ৰীৰ দলটোৱে৷ এনেদৰেই চিজুছাৰ বৰদিকৰাই নদীখনৰ পাৰতেই বনভোজ খাৱলৈ অধিৰ আগ্ৰহেৰে বছৰৰ শেষৰ মাহটোলৈকে যেন অপেক্ষা কৰে হেজাৰ হেজাৰ বনভোজপ্ৰেমী ৰাইজে৷ সৈন্দৰ্য্যৰাণী চিজুচাই যেন হাত বাউলি মাতিছে সকলোকে৷ নৱবৰ্ষ আদৰনী জনাবৰ বাবেই অহা ডেকা গাভৰু আনকি আদহীয়া লোকেও আনন্দত আত্মহাৰা হৈ পৰা পৰিলক্ষিত হয় ৷সকলোৱে একেলগে নাচি বাগি মতলিয়া হয় বৰদিকৰাই নদীৰ পাৰৰ মনোৰম দৃশ্যৰ মাজত৷ ৰাজ্যখনৰ ভিতৰতে বনভোজৰ অনন্য স্হান হৈছে অৰুনাচল প্ৰদেশৰ সীমান্তবৰ্তি ছিজুচা৷এই অপৰূপ সৌন্দৰ্য্যৰে ভৰপুৰ ছিজুচালৈ প্ৰতিটো বৰ্ষতে হেজাৰ হেজাৰ বনভোজ প্ৰেমীৰ সমাগম ঘটা পৰিলক্ষিত হৈ আহিছে৷ইয়াৰ নৈসৰ্গিক পৰিবেশৰ মাজত নিজকে এটা দিনৰ বাবে বিলিন কৰি তৃপ্তিৰে এসাজ বনভোজ খাই আনন্দত আত্মহাৰা হবলৈ দুৰ দৰনীৰ পৰা অজশ্ৰ বনভোজ দলৰ আগমন ঘটা পৰিলক্ষিত হৈ আহিছে৷
Byte= বনভোজ প্ৰেমী৷
Byte= ছাত্ৰছাত্ৰী৷
ৰ ৰিপৰ্ট৷