পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু,ধাননী পথাৰত সংযোগ কৰা বিদ্যুৎৰ তাঁৰত লাগি মৃত্যু হয় বন্যহস্তী দুটাৰপুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু,ধাননী পথাৰত সংযোগ কৰা বিদ্যুৎৰ তাঁৰত লাগি মৃত্যু হয় বন্যহস্তী দুটাৰ

Share and Enjoy !

Shares

অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ। বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে।

 

ফলত সঘনাই সংঘটিত হৈছে হাতী মানুহৰ সংঘাত। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।

 

প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্যহস্তীৰো বহু সময়ত প্ৰাণ গৈছে।

 

ৰাজ্যত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে পুনৰ এটা বন্যহস্তীৰ কৰুণ মৃত্যু।

 

হোজাই-পশ্চিম কাৰ্বিআংলং জিলাৰ সীমান্তবৰ্তী খাৰিখানাত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো। খাৰিখানা বিলগাঁওত দুটাকৈ বন্যহস্তীয়ে সাৱটি লৈছে কৰুণ মৃত্যুক। ধাননী পথাৰৰ মাজত উদ্ধাৰ হয় মৃত্যু হোৱা বন্যহস্তী দুটা।

 

জানিব পৰা মতে,ধাননী পথাৰলৈ হাতী আহিবলৈ বাধা দিয়াৰ বাবে লগোৱা বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হয় বন্যহস্তী দুটাৰ। ইয়াৰে এটা পোৱালী হাতী বুলি জানিব পৰা গৈছে।

 

ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। আনহাতে সেই ঠাইত উপস্থিত হৈছে পশু পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু,ধাননী পথাৰত সংযোগ কৰা বিদ্যুৎৰ তাঁৰত লাগি মৃত্যু হয় বন্যহস্তী দুটাৰচিকিৎসকৰ দল।

Leave a Reply

Your email address will not be published. Required fields are marked *