জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত ৫ অভিযুক্তৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি। শ্যামকানু আৰু সিদ্ধাৰ্থক পুনৰাই ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ।
পুনৰ ন্যায়িক জিম্মালৈ জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গার্গ। শ্যামকানু, সিদ্ধান্ত, সন্দীপনৰ লগতে জুবিনৰ দুই দেহৰক্ষীক কাৰাগাৰৰ পৰাই মঙলবাৰে পুৱা ভাৰ্চুৱেলী হাজিৰ কৰোৱা হয় আদালতত। চি জে এম আদালতে শ্যামকানু মহন্তসহ ৫অভিযুক্ত পুনৰ ১৪দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
ষঠ পূজাৰ বন্ধৰ বাবে এদিন পূর্বেই আদালতত হাজিৰ আটাইকেইজন
