অব্যাহত আছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান।
অভিযানত গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰে হস্তান্তৰ চাৰিগৰাকী বাংলাদেশী যুৱতী।। দালালে ডেৰ লাখ টকাৰ বিনিময়ত বাংলাদেশ সীমান্ত পাৰ কৰি প্ৰবেশ কৰাইছিল ভাৰত ভূমিত
ভাৰতত কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে বাংলাদেশৰ পৰা ভাৰতত প্ৰবেশ কৰাইছিল যুৱতী কেইগৰাকীক। অসম হৈ ৰেলেৰে বহি:ৰাজ্য লৈ যাওঁতে ৰঙিয়া ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীৰ হাতত ধৰা পৰে। যুৱতী কেইগৰাকী
বাংলাদেশৰ মাদাৰীপুৰ জিলাৰ শৰিয়তপুৰ গাঁৱৰ ছুমাইয়া আখতাৰ তাসমিয়া, পাবনা জিলাৰ মালিগাচাৰ গাঁৱৰ সুহানা খাতুন আখি, গাজিপুৰ জিলাৰ বালিগাঁৱৰ আবিদা চৌধুৰী মিস্টি আবিদা আৰু নেত্ৰকনা জিলাৰ বাইপাৰা ৰানিখং গাঁৱৰ মিষ্টি শিৰিনা আখতাৰ ফাৰিয়া। আটাই কেইগৰাকী যুৱতীক দুষ্টচক্ৰই অনৈতিক কামত ব্যৱহাৰ কৰাবলৈ ভাৰতলৈ অবৈধ ভাৱে প্ৰবেশ কৰোৱা বুলি সন্দেহ।
কেৱল সেয়াই নহয়, যুৱতীকেইগৰাকীৰ গ্ৰেপ্তাৰৰ পিছত পোহৰলৈ আহে বহু বিস্ফোৰক তথ্য।
