প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ উদ্যাপনৰ নামত অশ্লীল নৃত্য। ধুবুৰী গৌৰীপুৰৰ ঝালেৰ আলগা অঞ্চলত সংঘটিত হৈছে এক লজ্জ্যজনক ঘটনা।
জানিব পৰা মতে, ধুবুৰীৰ গৌৰীপুৰৰ জীৱন জ্যোতি ক্লাবৰ উদ্যোগত আয়োজন কৰা হৈছিল সাংস্কৃতিক অনুষ্ঠানৰ। জুবিন গাৰ্গৰ জন্মদিন পালনৰ অৰ্থে আয়োজন কৰা হয় অনুষ্ঠানটোৰ।
কিন্তু প্ৰাণৰ শিল্পীগৰাকীৰ জয়ন্তী উপলক্ষে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানৰ অপ-সংস্কৃতিৰ নৃত্যগীত।।
জীৱন জ্যোতি নামৰ ক্লাবটোৰ উদ্যোগত আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত মঞ্চৰ ওপৰত একাংশ মহিলাই প্ৰদৰ্শন কৰিলে অশ্লীল নৃত্য। প্ৰাণৰ শিল্পীগৰাকীৰ জয়ন্তী পাতি শিল্পীগৰাকীক আয়োজকসকলে চৰম অপমান কৰাক লৈ ধুবুৰীত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া।
ইফালে ঘটনাৰ পিছতে ধুবুৰীৰ জেষ্ঠ আৰক্ষী অধীক্ষকক খবৰ দিয়াৰ পাছতহে গৌৰীপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অনুষ্ঠান বন্ধ কৰি দিয়ে।অনুষ্ঠান বন্ধ হোৱাৰ পাছতেই অনুষ্ঠানস্থলীত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।।
ধুবুৰীৰ সচেতন মহলৰ প্ৰশ্ন- এয়া শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নে একাংশৰ উদ্ভণ্ডালি?
