Share and Enjoy !

Shares

জুবিন গাৰ্গক বহু পৰজীৱি মানুহে ঘেৰু ৰাখিছিল৷ আজি এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিশিষ্ট অভিনেতা বাহাৰুল ইছলামে৷ আজি সাংবাদিকৰ সৈতে মুখামুখি হৈ জুবিন গাৰ্গৰ ঘৰত চাৰি-পাঁচ কিলা লোকেল চিকনে খোৱাৰ প্ৰসংগ উল্লেখ কৰি তীব্ৰ ক্ষোভ ব্যক্ত কৰে বিশিষ্ট অভিনেতা বাহাৰুল ইছলামে৷ তেওঁ কয় যে জুবিন গাৰ্গে লোকেল চিকেন খাই ভাল পায়৷ সকলোৱে জানে জুবিন গাৰ্গে যে লোকেল চিকেন খাই ভাল পায়৷ এজন মানুহে লোকেল চিকেনৰ পিছ কেইটা খবৰ পাৰিব৷ চাৰিটা বা পাঁচটা৷ কিন্তু জুবিনৰ ঘৰত এটা কেৰাহীত তিনি-চাৰি কিলো মাংস বনোৱা হয়৷ জুবিনে চাৰি পিছ খাই বাকীবোৰ কোনে খায় বুলি প্ৰশ্ন কতৰে৷ লগতে অভিনেতাগৰাকীয়ে প্ৰশ্ন কৰিছে যে তেনে দুই তিনিজনৰ নাম কোৱা হৈছে৷ বহু মানুহ আছে, যিসকলে জুবিনৰ সৈতে থাকে, সেই সকলো পৰজীৱি৷ জুবিনক ভৰষা কৰি খাই আছে৷ জুবিনৰ ভৰষাত জীয়াই আছে৷ বেছিভাগে জুবিনৰ পৰা জীয়াই আছে৷ তদন্ত এইসকলৰ বিষয়ে নহয়৷ কিন্তু সময়ে তদন্ত ল’ব৷ মই যদি বেয়া কাম কৰো, তাৰ ফল ভগৱানে দিব৷ এয়া যি আকস্মিত মৃত্যু বা হত্যাকাণ্ড, তাক লৈ মই প্ৰতিদিনে কনফিউজ৷ বুকু বিষাই, কান্দিব নোৱাৰো৷ ফলাফল ওলাব৷ কিন্তু তেওঁক যে চাৰিওফালে পৰজীৱি আৱৰি আছিল সেই কথা সকলোৱে জানে৷ লাহে লাহে ওলাই আছে বুলি উল্লেখ কৰে ইছলামে৷ আনহাতে সোণাপুৰত সমাধিস্থলীত উপস্থিত হৈ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে দুখ প্ৰকাশ কৰি কি, ক’ত, কেনেকৈ, তেওঁৰ মৃত্যু হ’ল, গোটেই সত্যখিনি আমাক লাগে বুলি কয়৷ তেওঁ আৰু কয় যে প্ৰত্যেকজন মানুহৰ মনত শূন্যতাই বিৰাজ কৰিছে৷ বাহিৰৰ দেশত গৈ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই যোৱা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে৷ আমি পদে পদে অনুভৱ কৰি আছো তেওঁৰ অনুপস্থিতি৷ আমি উশাহ হে লৈ আছো কিন্তু জীয়াই থকা নাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *