বাংলাদেশৰ ফৰিদপুৰ জিলা বিদ্যালয়ৰ ১৮৫ বছৰীয়া জয়ন্তী উপলক্ষে আয়োজিত বিশেষ অনুষ্ঠানত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবে নগৰ বাউল নামেৰে জনপ্ৰিয় ৰক গায়ক জেমছৰ কনচাৰ্ট বাতিল কৰিবলগীয়া হয়।
এই ঘটনাত ২৫ জন লোক আহত হয়, ইয়াৰে অধিকাংশই ছাত্ৰ-ছাত্ৰী বুলি জানিব পৰা গৈছে । দুদিনীয়া বৰ্ষপূৰ্তিৰ সামৰণি অনুষ্ঠানটোত বিদ্যালয়ৰ বাহিৰৰ একাংশ লোকে বলপূৰ্বকভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা চলায়। তেওঁলোকে ইটা আৰু শিলগুটি আদি নিক্ষেপ কৰাৰো অভিযোগ উত্থাপিত হৈছে।
ইয়াৰ পাছতে ফৰিদপুৰ জিলা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে সংঘাতৰ সূচনা হয়। পৰিস্থিতিৰ দ্ৰুতগতিত অৱনতি ঘটাত কেইবাজনো ছাত্ৰ আহত হয়। পাছত ফৰিদপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশত আয়োজকসকলে কনচাৰ্ট বাতিল কৰাৰ কথা ঘোষণা কৰে।