লাচিত বৰফুকনৰ উল্লেখিত বুৰঞ্জীমতে অন্য এটি ভাঙনি নাম ” লা-চিত ফু-কন লুং”।যাৰ- ইংৰাজী প্ৰতিশব্দ Lachit Borphukan(লাচিত বৰফুকন)। আহোম ৰাজ্যৰ এগৰাকী শক্তিশালী সেনানী নৱমতম বীৰ সেনাপতি লাচিত বৰফুকন(ফু-কন লুং)।যি নেকি মুছলমানসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম সবল নেতৃত্ব দি এক শক্তিশালী ভূমিকাৰে যুঁজ দি অসমৰ ইতিহাসৰ পাতত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিবলৈ সক্ষম হয়।বীৰ লাচিত বৰফুকনৰ বীৰত্ব আৰু দেশপ্ৰেমৰ ওপৰত গুৰুত্ব আজি চৌদিশে অপৰিসীম।
১৬৭১ চনত আহোম সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰ পৰা আঁতৰাই খেদি পঠিয়াই শৰাইঘাটৰ যুদ্ধত দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীৰ পাতে-পাতে আজি ইতিহাস সোণালী আখৰেৰে জিলিকি আছে।
উল্লেখযোগ্য কথা যে – লাচিত বৰফুকন আচলতে কোন ?
হয়,বীৰ হিচাপে পৰিচিত লাচিত বৰফুকনৰ জন্ম ১৬২২ চনৰ ২৪ নবেম্বৰ তাৰিখে গড়গাঁৱৰ,দিখৌ নৈৰ পাৰত পিতৃ মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম নাঙ লা চেঙ আইদেউ গৃহত জন্মলাভ কৰে।সাঁচিপাতৰ ৰাজবুৰঞ্জীত উল্লেখিতমতে মোমাই তামুলী বৰবৰুৱাৰ নাম লান ফিমা বৰবৰুৱা হিচাপে পৰিগণিত।পূৰ্বপুৰুষ লুক ফিমা নামৰ ব্যক্তিজন ১২২৮ খ্ৰীষ্টাব্দত চাওলুঙ চৌকাফাৰ সহযাত্ৰী হিচাপে পাটকাই পাহাৰ পাৰ হৈ অসমলৈ আহিছিল বুলি পৌৰাণিক ইতিহাস বিদ্যমান।বৰফুকনৰ ফৈদ তথা গোষ্ঠীগত বংশক লান ফিমা বুলি জনাজাত।চাওফা চুডাংফাৰ সময়ত হেনো তাওচুলাই কোঁৱৰে চাওফাৰ বিৰুদ্ধে কৰা কঠোৰ বিদ্ৰোহত লান ফিমা ফৈদৰ থাউমুঙ তামৰা নামৰ বিষয়া এজনে সক্ৰিয় সহযোগ গ্ৰহণ কৰাৰ হেতুকে তামৰাৰ ভাতৃ ফু-কে ফিমাক লুক-খা-খুন খেললৈ পৰিবৰ্তীত হয়।একেদৰে,স্বৰ্গদেউ প্ৰতাপ সিংহই, ফু-কে ফিমাৰ নাতি লাচাই লুঙ ওৰফে লান টাই লুঙ তামুলীৰ পুত্ৰ তিৰিঙ ফিচেঙ মোমাই তামুলীক বৰবৰুৱা পাতি ফু-কে-লুঙ লান-ফিমা বুলি পৰিচিত হয়।মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰদ্বয় ক্ৰমে – লালুকসোলা বৰফুকন, ভাৰধৰা বৰফুকন(লান ৰণ কপ), মৰঙ্গী বৰবৰুৱা(লান ব লিন), লাও ডেকা,দন্তকাড়ী আৰু
জীয়ৰী পাখৰী গাভৰু বা পাহী গাভৰু। ইপিনে মোমাই তামুলী বৰবৰুৱাৰ ভাতৃ বাদুলী ৰজাশহুৰ বৰফুকন। আনহাতে পুত্ৰ বাদুলী ডেকাফুকন আৰু মৌপিয়া ফুকন আছিল। বীৰ লাচিত বৰফুকনৰ ভগ্নী পাখৰী গাভৰুক স্বৰ্গদেউ জয়ধ্বজ সিংহৰ এগৰাকী তামুলী কুঁৱৰী হৈ পৰৱৰ্তী সময়ত স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ কুঁৱৰী হবলৈ সক্ষম হয়।একেদৰে,লাচিত বৰফুকন ও লালুকসোলা দুয়ো আছিল স্বৰ্গদেউৰ খুলশালীয়েক।য’ত শৰাইঘাটৰ ৰণৰ পূৰ্বে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ লাচিতক বৰফুকন পদবী দিয়াৰ পূৰ্বে তেওঁৰ বংশ বিচাৰ কৰি কৰি পৰিয়ালটোক লুক খা খুন খেলপৰা পুনৰ পূৰ্ব্বৰ মৰ্যদালৈ নিবলৈ সক্ষম হয়।
এটা সভ্ৰান্ত ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰি লাচিত বৰফুকনে সামৰিক- অসামৰিক দুয়োবিধ শিক্ষাই ল’বলগীয়া হয়। য’ত নেকি লাচিতৰ বৰফুকনৰ জন্ম ৰাজকীয় পৰিৱেশত হোৱাৰ বাবে কৰ্তব্যপৰায়ণতা, কৰ্মনিষ্ঠা,সততা,নিষ্ঠাবান,বীৰ আদি গুণ পৰিয়ালৰ পৰাই লাভ কৰে।তেওঁলোক আহোমসকলৰ এটি “লান ফিমা বংশ” ফৈদৰ। আৰু এই ফৈদৰে বীৰলোক লাচিত বৰফুকন।লাচিত বৰফুকনৰ আদি পুৰুষ “লান ফিমা বংশ” ফৈদৰ আদি পুৰুষ চুকাফাৰ সৈতে অসমলৈ আহিছিল বুলি জানো আমি সকলোৱে।
বীৰ সেনাপতি লাচিত বৰফুকনে একেদিনাই বৰফুকনৰ পদ পোৱা নাছিল ই কোনো নতুন কথা নহয়। প্ৰথম অৱস্থাত এটা ঘোঁৰা বৰুৱাৰ পদত অলংকৃত হৈ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিবলৈ শক্তিশালী প্ৰদৰ্শন কৰি ক্ৰমান্বয়ে ঘোঁৰা বৰুৱা,দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা)হোৱাৰ পিছতহে স্বৰ্গদেও চুপুংমুংৰ বৰফুকন হয়।
দোলাকাষৰীয়া বৰুৱা পদত অলংকৃত হৈ থাকোঁতে লাচিতৰ দক্ষতা স্বৰ্গদেওৰ চকুত ধৰা পৰে। একেদেৰে,এদিনাখনৰ কথা- দোলাত বহি থকা স্বৰ্গদেওৱে লাচিতক মাতি আনি কৈছিল – “বঙাল শত্ৰু কাষতে আছে, কেনেকৈ ছৈয়দ ফিৰোজ ও ছৈয়দ চালাক ধৰিব পাৰি।” অকস্মাতে লাচিতে উত্তৰ দিলে- “স্বৰ্গদেওৰ ৰাজ্যত মানুহ নাই নেকি? বঙালনো কি? মানুহহে ? আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ? স্বৰ্গদেওৱে আদেশ দিবহে লাগে।”ইয়াৰ সমান্তৰালকৈ
লাচিত বৰফুকনক সম্পূৰ্ণ দ্বায়িত্বভাৰ ন্যস্ত কৰি বৰফুকন পদ পোৱাৰ আগতে লাচিতে আন এটা অগ্নি পৰীক্ষাৰ সন্মুখীন হ’ব লগীয়া হয়। পৰবৰ্তী সময়ত লাচিত বৰফুকনত স্বৰ্গদেওৰ ওচৰলৈ মাতি পঠিওৱা হয়। স্বৰ্গদেওৰ সন্মুখত আঁঠু ল’ব ধৰোঁতেই ক’ৰবাৰ পৰা লগুৱা এজন আহি লাচিতৰ মূৰৰ বস্ত্ৰ থাপ মাৰি লৈ যায়। স্বৰ্গদেওৱে এইটো ঘটনা যে পৰিকল্পিতভাৱে কৰিছিল,তাকে লাচিত বৰফুকনৰ স্বাভাৱিকতেই খং উঠাত খাপৰ পৰা হেংদাঙখন (তৰোৱাল) উলিয়াই লগুৱাক খেদি যায়।পিছত, স্বৰ্গদেওৰ হস্তক্ষেপত লগুৱা বাচিল। লাচিত নিৰ্ভীক আৰু যথেষ্ট সাহসী আছিল তাকেই
প্ৰমাণ কৰি দিলে।সময়ৰ লগে-লগেই
শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগল বিৰাট সৈন্য বাহিনীৰ আগত আহোম সৈন্যই বহু জয়ৰ আশা বাদ দি পিছ পৰাত হুঁহুকিবলৈ আৰম্ভ কৰে।সেই অন্তিম সময়ত বীৰ লাচিতৰ অতি মাত্ৰা জ্বৰ হৈ আছিল।তেনেতে নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ৰিয়তাৰে আগবাঢ়ি আহি সৈন্যসকলক উদ্দেশ্যি চিঞৰি চিঞৰি লাচিতে কৈছিল, “ অ অসমীয়া ৰণুৱা সকল মই যুঁজিহে মৰিম। নাইবা মোক বঙালে ধৰি লৈ যাওঁক তোমালোক সুখেৰে ঘৰলৈ যোৱা।” কথাষাৰে যেন সৈন্যসকলক উৎসাহ দিলে আৰু অধিক দুগুণ সৎ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰি ইতিহাসৰ পাতত উজ্জ্বলি থাকে লাচিত।
গুৰুত্বপূৰ্ণ কথা যে লাচিত বৰফুকনৰ কেইবাজনো মোমায়েকক তেওঁৰ বিখ্যাত উক্তি “দেশতকৈ মোমাই ডাঙৰ নহয়” বুলি,বিশেষকৈ তেওঁৰ মোমায়েকৰ এটা অংশক, যিটো শৰাইঘাটৰ যুদ্ধৰ সময়ত ঘটা ঘটনাৰ সময়ত,নিজ মোমায়েকে শৰাইঘাটৰ গড় নিৰ্মাণৰ কামৰ ক্ষেত্ৰত হোৱা পলমৰ গাফিলতিৰ বাবে মোমায়েকক সুধিছিল।ইপিনে মোমায়েকে কাম কৰা লোকসকল ভাগৰি যোৱা আৰু জিৰণি লোৱাৰ বাবে গড় সম্পূৰ্ণ হোৱা নাই বুলি কোৱাত এই কথা শুনি সহ্য কৰিব নোৱাৰি লাচিত বৰফুকনে তৰোৱাল উলিয়াই মোমায়েকক তেওঁৰ বিখ্যাত উক্তি আকৌ কৈছোঁ — “দেশতকৈ মোমাই ডাঙৰ নহয়” বুলি কৈ একে ঘাপতে শিৰচ্ছেদ কৰি মৃত্যুদণ্ড বিহে।এই ঘটনাৰ লগে-লগেই সৈন্য সামন্তৰ মাজত থৰকাছুটি হেৰাই গৈছিল আৰু ৰাতিটোৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ হৈছিল আদি ইত্যাদি কথা।
শৰাইঘাটৰ যুদ্ধ জয়ৰ পাছত বীৰ লাচিত বৰফুকনে জ্বৰত ভুগি ১৬৭১ চনত মৃত্যুবৰণ কৰে।ইয়াৰ সমান্তৰালকৈ
স্বৰ্গদেও উদয়াদিত্য সিংহই ১৬৭২ চনত যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ নিলগত “লাচিত মৈদাম” নিৰ্মাণ কৰি
আহোম ৰাজ্যৰ এজন সাহসী আৰু পৰাক্ৰমী বীৰত্বৰ প্ৰতীক,বীৰ সেনাপতি,দেশপ্ৰেমীক অসমীয়াৰ লগতে সমগ্ৰ পৃথিৱীৰ যুঁজাৰু আদৰ্শস্বৰূপ লাচিত বৰফুনকৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয়। ইয়াৰ লগত সংগতি ৰাখি সমগ্ৰ দেশৰ লগতেই অসমবাসীয়ে প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটোত অসমৰ ভিন্ন ৰাজ্যৰ লগতে বিদ্যালয়,মহাবিদ্যালয়,
চৰকাৰী কাৰ্য্যালয়,অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ লগতে নানা নিয়মানুৱলীৰ মাজতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত “লাচিত দিৱস” পালন কৰি তেওঁৰ দেশপ্ৰেম বীৰত্বক সন্মান জনোৱা হয়।দেশৰ শৌৰ্য-বীৰ্য আৰু ত্যাগৰ প্ৰতীক বীৰ লাচিত বৰফুকনৰ সৰ্ববৃহৎ প্ৰতিমূৰ্তি অসমৰ গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত লাচিত ঘাটত থকাৰ উপৰিও ৰাজ্যখনৰ বহু ঠাইত এনে বহু প্ৰতিমূৰ্তি আছে।য’ত প্ৰতিবছৰে চৰকাৰীভাৱে জনোৱা হয় গভীৰ শ্ৰদ্ধাঞ্জলি।
এতিয়া প্ৰশ্ন হ’ল ?
আমি বা মই লাচিত দেশৰ মানুহ বুলি সচৰে কৈ থাকিলে হ’ব জানোঁ ?
ত্যাগৰ প্ৰতীক বীৰ সেনাপতি লাচিত বৰফুকনে দেশৰ লগতে অসমী আইক যি আদৰ্শ দেখোৱাই থৈ দেশ প্ৰেমৰ নিদৰ্শন দাঙি ধৰিলে,তেওঁৰ এনে বীৰত্বৰ প্ৰতি সন্মান জনাই আগোৱাই যোৱাটো হ’ব আমাৰ মূল কৰ্তব্য।দেশৰ হকে,সমাজৰ হকে যি স্মৰণীয় অৱদান আগবঢ়ালে এইয়া কোনোদিন পাহৰিব নোৱাৰা অসমী আইৰ বাবে এটা সৰ্ববৃহত উপহাৰ। এতেকে,আগন্ত্তক দিনত নৱ প্ৰজন্মৰ প্ৰতিগৰাকী ব্যক্তিৰ উদীয়মান যুৱক যুৱতীয়ে বীৰ সেনাপতি লাচিত বৰফুকনৰ পদাংক অনুকৰণ কৰি অনুপ্ৰাণীত হৈ নিজৰ লগতে সমাজখনক কেনেদৰে আগোৱাই লৈ যাব পাৰি এই হ’ব অতি গুৰুত্বপূৰ্ণ তাৎপৰ্যৰ বিষয়।
শ্ৰী খগেশ্বৰ দাস
(যুৱ সাংবাদিক,সমাজসেৱক)
পণ্ডিতঘাট,কাৰ্বি আংলং(অসম)
দূৰভাষঃ৭৮৯৬২৭০৮৫৪
দিনাংকঃ ২৪-১১-২০২৫