বেদখলৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিছে প্ৰশাসনৰ বুলড’জাৰবেদখলৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিছে প্ৰশাসনৰ বুলড’জাৰ

Share and Enjoy !

Shares

বেদখলৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিছে প্ৰশাসনৰ বুলড’জাৰ ৷ ৰাজ্যৰ একাংশ বনাঞ্চল, চৰকাৰী ভূমি আদিত অবৈধভাৱে বসতি স্থাপন কৰা লোকসকলক বিতাড়নৰ বাবেই প্ৰশাসনে গ্ৰহণ কৰিবলগীয়া হৈছে এই কঠোৰ পদক্ষেপ।

 

নামনি অসমত আৰম্ভ প্ৰশাসনৰ উচ্ছেদ অভিযান। এফালৰ পৰা উচ্ছেদিতৰ ঘৰ ভাঙি তহিলং প্ৰশাসনৰ। প্ৰায় ৪৪ বিঘা মাটিত চলিছে উচ্ছেদ অভিযান।

 

বঙাইগাঁও জিলাৰ ধনতোলাৰ নানকাৰগাঁৱত উচ্ছেদ অভিযান। প্ৰায় ৪০ বছৰ ধৰি মাটি ক্ৰয় কৰি বসবাস কৰি আছিল।

 

কিন্তু মাটিৰ গৰাকীয়ে উক্ত ৪৪ বিঘা মাটিৰ বাবে আদালতত গোচৰ ৰুজু কৰে। বসবাস কৰি থকা ব্যক্তিজনে ওলোটাকৈ গোচৰ ৰুজু কৰে যদিও কোনো ধৰণৰ সুফল নাপালে।

 

এই ৪৪ বিঘা মাটিত ২৯ ঘৰ পৰিয়ালে বসবাস কৰি আহিছে।

 

পূৰ্বতে প্ৰশাসনে বসবাস কৰি থকা লোকসকলক ভূমি এৰি যাবলৈ জাননী জাৰি কৰাত অধিগ্ৰহণ কৰি থকা লোকসকলে নিজে নিজে বাসগৃহ সমূহ ভাঙিবলৈ আৰম্ভ কৰাত প্ৰশাসনে উচ্ছেদ অভিযান বন্ধ কৰে কিন্তু তাৰ পিছত আকৌ ভূমি দখলকাৰী সকলে পূৰ্ব স্থানতে বসবাস কৰিবলৈ লয় যাৰ বাবেই আজি পুনৰ যুদ্ধকালীন ভাৱে উচ্ছেদ অভিযান চলাবলৈ অগ্ৰসৰ হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *