মাজনিশা সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ এটা আৱেগিক প’ষ্ট…মাজনিশা সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ এটা আৱেগিক প’ষ্ট…

Share and Enjoy !

Shares

দেওবাৰে মাজ নিশা সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ এটা আৱেগিক প’ষ্ট।।

সামাজিক মধ্যমত গৰিমা শইকীয়া গাৰ্গে লিখে, “তুমি চাগে বহুত ব্যস্ত নহয়নে ? তোমাৰ সপোনৰ ছবিখন মুক্তি দিব লাগে .. শেষ পৰ্য্যায়ৰ কাম সকলো নিৰীক্ষণ কৰিব লাগে, বেকগ্ৰাউণ্ড মিউজিকৰ কামটোত যে সন্তুষ্টি নাহেই,,release plan চাব লাগে.. এইবাৰ নতুন কেইখনমান চহৰ পাৰিলে যোগ দিব লাগিব,,অসমীয়া চিনেমাৰ পৰিসৰ তেতিয়াহে বাঢ়িব! কিবা নহয় কিবা এটাতো প্ৰতিখন চিনেমাত বঢ়াই নিব লাগিব ! উফ্, ৰক্ষাই পোৱা নাই চাগে ! সেইকাৰণে এটাও ফোন নাই ইমান দিনে,, দৌৰা দৌৰিৰ কোবত লগ দিয়াটোতো সম্ভৱেই হোৱা নাই । একো নাই মই বুজি পাওঁ নহয় ! আৰু “মিশ্যন চাইনা” ৰিলীজৰ আগত অকণমানি লʼৰা এটাই কন্দাৰ দৰে চিন্তাতে ফেকুৰি ফেকুৰি নাকান্দিবা আকৌ এইবাৰ দেই .. ” মানুহে আশা কৰাৰ দৰে যদি মই দিব নোৱাৰো কি হʼব ?ʼ কি বোৰ যে চিন্তা কৰা তুমি! মই বাৰু সদায়ে আছো,, বুকুত আলফুলে সাৱটি লৈ শুৱাই দিবলৈ.. তথাপি, ধুনীয়াকৈ সঁচা মনেৰে কষ্ট কৰি কৰা ভাল কাম এটি ৰাইজে ভাল পাবই ! কিন্তু ইমানদিন যে পাৰ হৈ গʼল তোমাক নেদেখাকৈ, মাত এটা নুশুনাকৈ, খবৰ এটা লʼব নোৱাৰাকৈ.. বৰকৈ মনত পৰি আছে অ’ গ’ল্ডী ! বহুত miss কৰিছোঁ তোমাক। এটা এটা মূহুৰ্ত কেনেকৈ পাৰ হৈছে , ক’ব নোৱাৰো একো ! মই আছোনে নাই নিজেই বুজি পোৱা নাই।”

উল্লেখ্য যে, অহা ৩১ অক্টোবৰত মুক্তি লাভ কৰিব ‘ৰৈ ৰৈ বিনালে’।।মুক্তিৰ পূৰ্বে ছবিখনৰ শেষ কামখিনিক লৈ ব্যস্ত হৈ পৰিছে টীম ‘ৰৈ ৰৈ বিনালে’ও। যিমানেই ছবিখন মুক্তিৰ দিন ওচৰ চাপিছে সিমানেই যেন চকুলো নিগৰিছে ছবিখনৰ সৈতে জড়িত প্ৰতিগৰাকী লোকৰো। আজি জুবিন গাৰ্গ জীয়াই থকা হ’লে তেওঁৰ এই সপোনৰ ছবিখনৰ মুক্তিক লৈ, ছবিখনৰ প্ৰচাৰক লৈ কিমান যে ব্যস্ত হৈ থাকিলহেতেন, সেই কথা ভাবি উচুপি উঠিছে প্ৰতিজন। বাৰে বাৰে আৱেগিক হৈ পৰিছে জুবিনৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গ।

Leave a Reply

Your email address will not be published. Required fields are marked *