‘‘মোৰ বাবে এয়া এক আৱেগিক মুহূৰ্ত। মই ছবিখন চাবৰ বাবে সাহস কৰিব পৰা নাই। মই কাম চলি থকাৰ সময়তো স্ক্ৰীণত ভালকৈ গান এটা চাব পৰা নাই। সম্পূৰ্ণ ছবিখন কেনেকৈ চাম”‘‘মোৰ বাবে এয়া এক আৱেগিক মুহূৰ্ত। মই ছবিখন চাবৰ বাবে সাহস কৰিব পৰা নাই। মই কাম চলি থকাৰ সময়তো স্ক্ৰীণত ভালকৈ গান এটা চাব পৰা নাই। সম্পূৰ্ণ ছবিখন কেনেকৈ চাম”

Share and Enjoy !

Shares

পুৱাই জুবিনক্ষেত্ৰত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ,ভগ্নী পামী বৰঠাকুৰ, পাৰ্থসাৰথি মহন্ত, বীৰেন সিংহ, প্ৰাঞ্জল শইকীয়া, তৰালী শৰ্মা।পুৱাই নিৰ্মাণ সমিতিৰ ১১ গৰাকী সদস্যই পৰিদৰ্শন কৰে জুবিনক্ষেত্ৰ।

 

জুবিনক্ষেত্ৰ পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ সন্মুখত গৰিমা শইকীয়া গাৰ্গে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

 

গৰিমা শইকায়া গাৰ্গে কয়, ‘‘মোৰ বাবে এয়া এক আৱেগিক মুহূৰ্ত। মই ছবিখন চাবৰ বাবে সাহস কৰিব পৰা নাই। মই কাম চলি থকাৰ সময়তো স্ক্ৰীণত ভালকৈ গান এটা চাব পৰা নাই। সম্পূৰ্ণ ছবিখন কেনেকৈ চাম, তাৰ বাবে মই নিজক প্ৰস্তুত কৰিব পৰা নাই। চাব লাগিব। মই জানো জুবিনৰ সপোন পূৰণ হ’ব। জুবিন গাৰ্গে সেয়া চাব পাৰিলে বহুত সুখী হ’ললৈ।”

 

অসমৰ ৰাইজে তেওঁ যেনেকৈ মৰম-আশীৰ্বাদ দি আছে, সেয়া সদায় দি যাব। জুবিনে অসমীয়া ছবিৰ যি যাত্ৰা চাব বিচাৰিছিলে, সেয়া সপোন পূৰণ হ’ব।’’

 

‘ৰৈ ৰৈ বিনালে’ৰ যিখিনি জিএছটি ৰাজ্য চৰকাৰলৈ ঘূৰি আহিব, সেই টকাখিনি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনক ওভতাই দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে গৰিমা শইকীয়া গাৰ্গে।

Leave a Reply

Your email address will not be published. Required fields are marked *