মৰ্মান্তিক! পৰীক্ষা দি ঘৰলৈ উভতাৰ পথত ট্ৰেক্টৰৰ খুন্দাত নিহত মেধাৱী ছাত্ৰৰমৰ্মান্তিক! পৰীক্ষা দি ঘৰলৈ উভতাৰ পথত ট্ৰেক্টৰৰ খুন্দাত নিহত মেধাৱী ছাত্ৰৰ

Share and Enjoy !

Shares

এক শোকাৱহ দুৰ্ঘটনাত মৃত্যুত ছাত্ৰৰ। উত্তৰ গুৱাহাটী লেঙাত সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা। মাটি কঢ়িওৱা ট্ৰেক্টৰৰ খুন্দাত দ্বীপেন কলিতা (১৭) নামৰ এজন ছাত্ৰৰ মৃত্যু।

জানিব পৰা মতে, উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ দ্বীপেন কলিতাই চাংসাৰী কলেজত পৰীক্ষা দি উভতাৰ পথত সংঘটিত হয় দুৰ্ঘটনাটো।উত্তৰ গুৱাহাটী লক্ষ্যধৰ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ আছিল দ্বীপেন কলিতা ।
১৭ বছৰীয়া মেধাবী যুৱকজনৰ ঘৰ কুৰুৱাত ।

তীব্ৰবেগী ট্ৰেক্টৰে লেঙা চকত মহতিয়াই নিছিল ছাত্ৰজনক ।দুৰ্ঘটনাগ্ৰস্ত যুৱকজনক উত্তৰ গুৱাহাটী জি এন আৰ চিলৈ নিয়া হৈছিল যদিও মৃত্যু হয় যুৱকজনৰ । দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰসহ চালকক বাইহাটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ট্ৰেক্টৰখনৰ মালিক শুক্তাগুৰিৰ নিতুল আলী ।

Leave a Reply

Your email address will not be published. Required fields are marked *