লংকাত বিদ্যুৎস্পৃ্ষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু হোৱাৰ ঘটনা সন্দৰ্ভত বন বিভাগৰ লোকে আটক কৰিছে দুজন লোকক।
ধৃত লোক দুজন অজয় কুমাৰ ৰাজভৰ আৰু ৰাজকুমাৰ ৰাজভৰ বুলি জানিব পৰা গৈছে।
লোকদুজনৰ ঘৰ পশ্চিম কাৰ্বি আংলঙৰ মাজবস্তিত ।
উল্লখ্য যে, হোজাই-পশ্চিম কাৰ্বিআংলং জিলাৰ সীমান্তবৰ্তী খাৰিখানা বিলগাঁওত দুটাকৈ বন্যহস্তীয়ে সাৱটি লৈছিল কৰুণ মৃত্যুক। ধাননী পথাৰলৈ হাতী আহিবলৈ বাধা দিয়াৰ বাবে লগোৱা বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হয় বন্যহস্তী দুটাৰ। ইয়াৰে এটা পোৱালী হাতী বুলি জানিব পৰা গৈছে।
