লক্ষীপ্ৰিয়া কাকতি ন্যাস শিশু-সাহিত্য বঁটা প্ৰদান অনুষ্ঠানলক্ষীপ্ৰিয়া কাকতি ন্যাস শিশু-সাহিত্য বঁটা প্ৰদান অনুষ্ঠান

Share and Enjoy !

Shares

গোলাঘাট জিলাৰ এমেচাৰ থিয়েটাৰ চ’চাইটি প্ৰেক্ষাগৃহত আজি গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত “অসমীয়া শিশু সাহিত্যলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তিক, কৃতি শিক্ষয়িত্ৰী আৰু চিত্ৰশিল্পী প্ৰয়াত লক্ষীপ্ৰিয়া কাকতিৰ স্মৃতিত আগবঢ়োৱা এই বৰ্ষৰ ‘লক্ষীপ্ৰীয়া কাকতি ন্যাস শিশু সাহিত্য বঁটা’ দেৰগাঁওৰ নিবাসী, এগৰাকী বিশিষ্ট শিশু সাহিত্যিক ৰূপে পৰিচিত অতুল চন্দ্ৰ মোহনলৈ এই বঁটা প্ৰদান কৰা হয় ।

বঁটা গ্ৰহণ কৰি অতুল চন্দ্ৰ মোহনে বক্তব্যত কয় যে, “অসমীয়া সমাজত এতিয়া সংস্কৃতি নাই দুস্কৃতিহে আছে”।

গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি ৱাজিদুৰ ৰহমানে সভাপতিত্ব কৰা সভাত আদৰণি ভাষণ আৰু উদেশ্য ব্যাখ্যা কৰে শাখাৰ সম্পাদক অঞ্জলি বাইলুং বুঢ়াগোহাঁইয়ে।সভাৰ আৰম্ভণিতে চিৰ চেনেহী গীত পৰিবেষণেৰে সভাৰ শুভাৰম্ভ কৰা হয় । সভাত উদ্বোধনী ভাষণ প্ৰদান কৰে গোলাঘাট গোলাঘাট জিলাৰ প্ৰাক্তন পৌৰপতি,নিবন্ধকাৰ ডা° অজিত বৰুৱাই । অনুষ্ঠিত সভাত দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় । ড° বন্তীৰাণী গগৈ ফুকনৰ “বিদেশ ভ্ৰমণৰ মধুৰতম মূহুৰ্ত বোৰ” গ্ৰন্থখন উন্মোচন কৰে ড° অজিত বৰুৱাই। ডা° চৈয়দ হুচেইনৰ “কুঁহিয়াৰ বৰীয়া” গ্ৰন্থখন উন্মোচন কৰে পূণ্যেশ্বৰ পূজাৰীয়ে ।

সভাত অতিথি হিচাপে উপস্থিত থাকি গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি বন্তি বৰা,তফজ্জুল হক বৰবৰাৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে । আজিৰ সভাতে কেইবাগৰাকী ব্যক্তিক শাখাৰ আজীৱন সভ্যৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই জাতীয় সংগীত পৰিবেশনেৰে সভাৰ অন্ত পেলায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *