“শংকৰ-আজানৰ দেশত কোনোধৰণৰ হিন্দু-মুছলমানৰ ৰাজনীতি কেতিয়াও নচলিব।”“জুবিন গাৰ্গ এগৰাকী ব্যতিক্ৰমী আৰু বিশেষ ব্যক্তিত্ব সম্পন্ন ব্যক্তি যাৰ দৰে আমি হ’ব নোৱাৰো”“শংকৰ-আজানৰ দেশত কোনোধৰণৰ হিন্দু-মুছলমানৰ ৰাজনীতি কেতিয়াও নচলিব।”“জুবিন গাৰ্গ এগৰাকী ব্যতিক্ৰমী আৰু বিশেষ ব্যক্তিত্ব সম্পন্ন ব্যক্তি যাৰ দৰে আমি হ’ব নোৱাৰো”

Share and Enjoy !

Shares

অসমীয়াৰ প্ৰাণ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৱে সমগ্ৰ ৰাজ্য স্তব্ধ কৰি পেলাইছে৷ ১মাহ সম্পূৰ্ণ হ’ল যদিও আজিও ন্যায় নাপালে আমাৰ সকলোৰে প্ৰাণৰ শিল্পীগৰাকী।।

অসমৰ সম্পদ, আমাৰ গৌৰৱ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰি অহা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।

বৃহত্তৰ আমৰাংগা বৰিহাট নাগৰিক মঞ্চৰ উদ্যোগত আৰু আমৰাংগা বৰিহাট অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত দক্ষিণ কামৰূপৰ বৰিহাটস্থিত আমৰাংগা বৰিহাট মিনি ষ্টেডিয়ামত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ।উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট অভিনেতা তথা জুবিন গাৰ্গৰ বন্ধু ৰবি শৰ্মা উপস্থিত থাকি প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লগতে অশ্ৰুশিক্ত নয়নেৰে পুনৰবাৰ জুবিন গাৰ্গৰ ন্যায়ৰ দাবী তোলে ।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে সংবাদ মাধ্যমৰ আগত অভিনেতা ৰবি শৰ্মাই কয়, “জুবিন মৃত্যুৰ ৰহস্যৰ পিছতেই বহু পক্ষই সমগ্ৰ ঘটনাটোক লৈ ৰাজনীতি কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে যিটো কৰিব নালাগে । জুবিনে জাতিটোৰ কাৰণে বহুত কৰি থৈ গ’ল ৷ তেওঁৰ বাবে ন্যায় বিচাৰিবলগীয়া হোৱাটোৱে লাজৰ কথা ৷”

আনহাতে দীঘলীপুখুৰীৰ পাৰৰ গছ কটা সন্দৰ্ভত অভিনেতাজনে কয় এতিয়াও তেওঁ নিজৰ স্থিতিত অটল । পত্নীৰ ৰাজনৈতিক জীৱনৰ লগত ৰবি শৰ্মা কোনো ধৰণে জড়িত নহয় বুলি উল্লেখ কৰি তেওঁ কয়, “ৰবি শৰ্মা সম্পূৰ্ণভাৱে ৰাইজৰ মাজত এগৰাকী অভিনেতা তথা শিল্পী হিচাপে পৰিচিত জুবিন গাৰ্গ ঢুকোৱাৰ বহু পূৰ্বৰ পৰাই মই স্পষ্টবাদী আৰু মৰিবলৈও ভয় নকৰা এগৰাকী ব্যক্তি । বহু আগতেই ৰাজনৈতিক ক্ষেত্ৰত যোগদানৰ বহু প্ৰস্তাৱ আহিছিল যদিও কেতিয়াও সন্মতি নিদিলো ।” নিজৰ ছবিজগতৰ দৰে এটা স্বাধীন দল এৰি কোনো ৰাজনৈতিক দলত যোগদান কৰিবলগীয়া অৱস্থা হোৱা নাই বুলি মন্তব্য কৰে তেওঁ ।

লগতে অভিনেতাজনে কয়, “জুবিনৰ মৃত্যুৰ কাৰণে আৱেগিক হৈ থকা সময়ত কোনোধৰণৰ SOP জাৰি কৰি জনসাধাৰণক আৰু অধিক মানসিক কষ্ট দিব নালাগে । গণতান্ত্ৰিক দেশত জোৰকৈ কোনোধৰণৰ বোজা জাপি দিব নালাগে । শাসক-বিৰোধী মিলিহে এখন গণতান্ত্ৰিক দেশ সম্পূৰ্ণ । গণতন্ত্ৰত বিৰোধী থাকিবই । শংকৰ-আজানৰ দেশত কোনোধৰণৰ হিন্দু-মুছলমানৰ ৰাজনীতি কেতিয়াও নচলিব ৷”

তেওঁ লগতে আৰু কয়, “জুবিন গাৰ্গ ভগৱান নহয়, তেওঁ এগৰাকী ব্যতিক্ৰমী আৰু বিশেষ ব্যক্তিত্ব সম্পন্ন ব্যক্তি যাৰ দৰে আমি হ’ব নোৱাৰো । জুবিন প্ৰকৃতাৰ্থত এগৰাকী মানুহ, বিশেষ ব্যক্তিত্ব সম্পন্ন মানুহ, তেওঁৰ কৰ্মৰাজি আমি বিশ্লেষণ কৰি অনুসৰণ কৰিব লাগে ” ।

Leave a Reply

Your email address will not be published. Required fields are marked *