Share and Enjoy !

Shares

শিৱসাগৰত ৰূপহী ৱেইট লিফটিং আৰু ফুটবল একাডেমীৰ শুভ মুকলি।

শিৱসাগৰ জিলাৰ বৃহত্তৰ ৰূপহীমুখ অঞ্চলৰ নৱ প্ৰজন্মৰ খেলুৱৈসকলৰ সুবিধাৰ্থে দেওবাৰে ৰূপহী খেলপথাৰত গঠন কৰা হয় ৰূপহী ৱেইট লিফটিং আৰু ফুটবল একাডেমী।

ক্ৰীড়াৰ ক্ষেত্ৰখনত দীৰ্ঘদিন ধৰি কাম কৰি থকা স্থানীয় যুৱক পিকু গগৈ আৰু ধ্ৰুৱজ্যোতি বৰাৰ বিশেষ উদ্যোগত আৰম্ভ হোৱা এই একাডেমীৰ উদ্বোধনী অনুষ্ঠা বহু গণ্য মান্য ব্যক্তিৰ উপস্থিতিত সম্পন্ন হয়।

উদ্বোধনী অনুষ্ঠানে মুকলি কৰে শিৱসাগৰ ফুটবল সন্থাৰ সম্পাদক মৃণাল চুতীয়াই। অনুষ্ঠানত শিৱসাগৰ জিলা ভাৰউত্তোলন সন্থাৰ কোষাধ্যক্ষ ভাস্কৰ বৰপাত্ৰগোহাঁই, ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ মোহিনী ডেকাবৰুৱা, বিশিষ্ট লেখক সাংবাদিক ৰিপুঞ্জয় গগৈ, অসম উন্নতি সভাৰ সম্পাদক শৰৎ হাজৰিকা আদিকে ধৰি বহুজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

আনহাতে এই উদ্বোধনী অনুষ্ঠানত শিৱসাগৰ বিধান সভা সমষ্টিৰ বিধায়ক অখিল গগৈৰ হৈ তেখেতৰ ব্যক্তিগত সচিব অম্লান গগৈ উপস্থিত থাকি বিধায়কগৰাকীয়ে খেলুৱৈসকলৰ বাবে তিনিটা ফুটবল, দুখন নেট আগবঢ়োৱাৰ কথা ঘোষণা কৰাৰ লগতে পৰৱৰ্তী সময়ত পাৰ্যমানে সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ইয়াৰ লগতে ৰূপহী ভাৰ উত্তোলন কেন্দ্ৰটোৰো ফিটা কাটি মুকলি কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *