শীঘ্ৰে নিষিদ্ধ হ’ব বীৰ লাচিত সেনা!শীঘ্ৰে নিষিদ্ধ হ’ব বীৰ লাচিত সেনা!

Share and Enjoy !

Shares

শীঘ্ৰে ৰাজ্যত নিষিদ্ধ হ’ব বীৰ লাচিত সেনা !

ৰাজ্যত বিভিন্ন প্ৰান্তত বীৰ লাচিত সেনা সংগঠনটোৱে কৰি অহা গুণ্ডামি, ধনদাবীৰ কাণ্ডৰ বাবে ক্ষুব্ধ হৈ পৰিছে মুখ্যমন্ত্ৰী।

মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত আজি স্পষ্টকৈ কয় যে – প্ৰয়োজন হ’লে শীঘ্ৰে ৰাজ্যত বীৰ লাচিত সেনাক নিষিদ্ধ কৰিব চৰকাৰে। আলফা স্বাধীনৰ দৰে নিষিদ্ধ ঘোষণা কৰা হ’ব বীৰ লাচিত সেনাক।

মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা মতে সংগঠনটোৰ একাংশ সদস্যই ব্যৱসায়ীক ধনদাবী, মাৰপিট কৰি ৰাজ্যৰ পৰিৱেশ বিনষ্ট কৰিছে। কোনো কাৰণত এইবোৰ সহ্য কৰা নহ’ব। লগতে বীৰ লাচিত সেনাৰ এজন নেতাৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হ’ব বুলি হুংকাৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইফালে নাম নোলোৱাকৈ বিকাশ অসমক সকীয়নি মুখ্যমন্ত্ৰীৰ। কাৰণ এইজন বিকাশ অসমে এজন তথাকথিত ইউটিউবাৰৰ সৈতে হোৱা সাক্ষাৎকাৰত চৰকাৰী আঁচনি লাভ কৰা অসমৰ মহিলাসকলক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। তাৰ প্ৰতিক্ৰিয়া সামাজিক মাধ্যমতো দেখিবলৈ পোৱা গৈছে। তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে ক’লে – বীৰ লাচিত সেনাৰ এজন সদস্যৰ বিৰুদ্ধে আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছো।

Leave a Reply

Your email address will not be published. Required fields are marked *