শ্বহীদ প্ৰণামো তোমাক
১০ ডিচেম্বৰৰ সেই ৰাতিপুৱাটো
আজি ১০ ডিচেম্বৰ। শ্বহীদ দিৱস।অসম মাতৃক বিদেশীৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিবলৈ অসমত ১৯৭৯ চনৰ ৮ জুনৰ পৰা আৰম্ভ হোৱা সৰ্ববৃহৎ গণ আন্দোলনৰ ৮৬৯ জন বীৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ আজিৰ এই বিশেষ দিনটো ৰাজ্যবাসীয়ে পালন কৰি আহিছে শ্বহীদ দিৱস ৰূপে।
১৯৭৯ চনত আজিৰ দিনটোতেই অবিভক্ত বৰপেটা জিলাৰ বৰ্তমান বজালী জিলাৰ ভৱানীপুৰত সৰুপেটাৰ উজান বৰবৰিৰ দক্ষিণ বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ নেতা খৰ্গেশ্বৰ তালুকদাৰে আত্ম বলিদান দি ছয় বছৰীয়া পৃথিৱী কঁপোৱা অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদৰূপে অসমৰ জাতীয় জীৱনক আজিও উত্তাল কৰাৰ লগতে জাতিটোক প্ৰেৰণা যোগাই জঢ়িত আহিছে। এই শ্বহীদ দিৱসৰ সৈতে হৈ আছে সহস্ৰাধিক লোকৰ ত্যাগ ,আহুতি আৰু জাতীয় প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন।
১৯৭১ চনৰ বাংলাদেশৰ স্বাধীনতা সংগ্ৰামৰ সময়ত পূৱপাকিস্তানৰ এতিয়া বাংলাদেশৰ পৰা হেজাৰ হেজাৰ লোকৰ ভাৰত তথা অসমলৈ প্ৰব্ৰজন ঘটিছিল। বাংলাদেশ গঠন হোৱাৰ পিছত কিছুলোক বাংলাদেশলৈ ঘূৰি যায় যদিও তাৰ বিপৰীতে এক বুজন সংখ্যক লোক অসমতে থাকি যায়। গোজেই গজালি মেলাৰ দৰে অসমত থাকি যোৱা এইসকল লোকে ক্ৰমান্নয়ে অসমৰ অৰ্থ নৈতিক, সামাজিক সাংস্কৃতিক আৰু বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰখনলৈ নমাই অনা ভাবুকি আৰু সংকটে অসমৰ জাতীয় সত্তাক জোকাৰি তোলে। অসমীয়া ৰাইজক অবৈধ বিদেশী নাগৰিকৰ সমস্যাটোয়ে উদ্বিগ্ন কৰি তোলে । এনে সময়তে কাকতলীয়াভাৱে ১৯৭৮ চনৰ ২৮ মাৰ্চত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ হীৰালাল পাটোৱাৰীৰ মৃত্যুৰ ফলত উক্ত সমষ্টিৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত কৰিব লগীয়া হয়। এনে প্ৰেক্ষাপটত সেই বছৰৰে ২৭ এপ্ৰিলত প্ৰকাশ কৰা সংশোধিত ভোটাৰ তালিকাত প্ৰায় ৪৫ ,০০০ হেজাৰ সন্দেহ যুক্ত ভোটাৰৰ নাম অন্তৰ্ভুক্ত হোৱাৰ তথ্য সমৃদ্ধ খবৰে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো ৰাইজকে চিন্তিত আৰু উত্তেজিত কৰি তোলে। কংগ্ৰেছ দলৰ চৰকাৰে কেৱল ভোট বেংক শক্তিশালী কৰাত স্বাৰ্থত অসমখনক বিদেশী নাগৰিকৰ চৰণীয়া পথাৰত পৰিণত কৰাৰ বাবে স্বাধীনতাৰ পিছৰ পৰাই গ্ৰহণ কৰি অহা পদক্ষেপ আৰু থলুৱা খিলঞ্জীয়া লোকৰ প্ৰতি দেখুওৱা চৰম বঞ্চনা আৰু প্ৰতাৰণাৰ বাবে আৰম্ভ হয় ঐতিহাসিক অসম আন্দোলন। সমগ্ৰ ৰাজ্যতেই বিয়পি পৰে অবৈধ বিদেশী বহিষ্কাৰৰ দাবীৰ জুই।
সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত গঢ় লৈ উঠা এই আন্দোলনত লাখ লাখ অসমীয়াই যোগদান কৰি আন্দোলনটোক শক্তিশালী ৰূপত সংগঠিত কৰিছিল। আৰক্ষী আৰু সেনাৰ অত্যাচাৰৰ বাবে ৮৫৫ গৰাকী পাহুৱাল ডেকা লৰাই প্ৰাণ আহুতি দিয়াৰ উপৰিও চিৰদিনৰ বাবে কোঙা হৈ পৰিছিল বহু লোক। ধৰ্ষিতা হৈছিল উত্তৰ কামৰূপৰ আমাৰ বাই-ভনী।নিজৰ মাটিতেই গৃহহাৰা হৈছিল হেজাৰ হেজাৰ পৰিয়াল ।তথাপিওঁ আন্দোলনৰ তীব্ৰতা থমকি ৰোৱা নাছিল। অসমীয়া ৰাইজৰ সাহস দেখি সুধাকণ্ঠৰ ভাষাত পৃথিৱী কম্পমান হৈ পৰিছিল। ভাৰতবৰ্ষৰ মূলসুঁতিৰ সংবাদ মাধ্যমত গুৰুত্ব নোপোৱা অসমে গুৰুত্ব পাবলৈ ধৰিছিল। সেই সময়ৰ অতি জনপ্ৰিয় আলোচনী ইলাষ্ট্ৰেেড উইক্লিত বিখ্যাত সাংবাদিক এম.ভি কামাথে “Neglected Assam” শীৰ্ষক এটা লেখাৰে ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ লোকক জগাই তুলিছিল।
অসমৰ ৰাইজে অবৈধ বিদেশী নাগৰিকৰ সমস্যাটো সমাধান নোহোৱা পৰ্য্যন্ত অসমত লোকপিয়ল আৰু কোনো ধৰণৰ নিৰ্বাচন অনুষ্ঠিত নকৰাৰ বাবে দাবী জনাই থকা স্বত্বেও ১৯৮০ চনৰ জানুৱাৰী মাহত সেই সময়ৰ জনতা দলৰ চৰকাৰৰ পতন ঘটাত নিৰ্বাচনী আয়োগে বাংলাদেশী নাগৰিক যুক্ত ভোটাৰ তালিকাৰেই লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লয়। সেই নিৰ্বাচনত কংগ্ৰেছ দলে বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল অসম সন্তান প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ পত্নী আবিদা বেগমক। এই আবিদা বেগমে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ সেই সময়ৰ ডি.আই.জি. কে.পি.এছ গিলৰ সহযোগত গুৱাহাটীৰ পৰা বৰপেটালৈ যাত্ৰা কৰিছিল। অসমৰ ৰাইজে নিবিচৰা সেই নিৰ্বাচনত কংগ্ৰেছ দলে অংশগ্ৰহণ কৰাৰ প্ৰতিবাদত সেই দিনা গুৱাহাটীৰ পৰা বৰপেটালৈ এই সমগ্ৰ পথটোৱে চুই যোৱা প্ৰতিটো অঞ্চলত হেজাৰ হেজাৰ লোক ৰাজপথলৈ ওলাই আহি শান্তি পূৰ্ণভাৱে পথ বন্ধ কৰিছিল। এই প্ৰতিবাদত ওলাই আহিছিল সমাজৰ বহু গণ্য মান্য লোক। প্ৰতিবাদী ৰাইজৰ এই প্ৰতিবাদক মষিমূৰ কৰিবলৈ অসম আৰক্ষীয়ে গোটেই পথটোতেই সমবেত হোৱা ৰাইজৰ উপৰত অমানুষিকভাৱে অত্যাচাৰ চলাইছিল। নিৰ্মমভাৱে লাঠি চালনা কৰিছিল। পুলিচৰ নিৰ্মম লাঠিৰ কোবত মৃত্যু বৰণ কৰিছিল খৰ্গেশ্বৰ তালুকদাৰে। অৱশ্যে আবিডা বেগমৰ মনোনয়ন পত্ৰ নাকচ হৈছিল আৰু নিৰ্বাচন স্থগিত হৈছিল।
১০ ডিচেম্বৰৰ কাহিলীপুৱাতে পাটাছাৰকুছি, পাঠশালা, ভৱানীপুৰ, সৰুপেটাকে ধৰি সমগ্ৰ বজালী অঞ্চলৰ লগতে হাউলী, বৰপেটাৰোড আৰু বৃহত্তৰ বৰনগৰ অঞ্চলৰ প্ৰায় ২০ হেজাৰ লোক হাউলী চাৰিআলিত সমাৱেত হৈছিল। উদ্দেশ্য আছিল ইতিমধ্যে বৰপেটা চহৰত বলবৎ কৰা সান্ধ্য আইন ভংগ কৰি এই প্ৰতিবাদী লোকসকলে বৰপেটাৰ মহকুমাধিপতিৰ কাৰ্য্যলয় লৈ যাবলৈ পণ লৈছিল। আনপিনে বৰপেটা চহৰৰ বিভিন্ন ঠাইৰ পৰাও হেজাৰ হেজাৰ লোক মহকুমাধিপতিৰ কাৰ্য্যলয়ৰ পিনে প্ৰস্তুত হৈছিল। মুঠতে এক অবৰ্ণনীয় পৰিস্থিতি বিৰাজ কৰিছিল হাউলী চাৰিআলিত। সেইসময়ৰ ছাত্ৰ সন্থা আৰু গণ সংগ্ৰাম পৰিষদ স্থানীয় নেতৃত্বই ৰাইজক বুজাবলৈ চেষ্টা কৰিছিল যে, চৰকাৰে সান্ধ্য আইন ভংগ কৰিলে কঠোৰ ব্যৱস্থা ল’ব। ফলত ৰাইজৰ বিস্তৰ ক্ষতি হ’ব বুলি ৰাইজক বুজাবলৈ চেষ্টা চলাইছিল যদিও ৰাইজে নেতৃত্বৰ কথা মানিবলৈ অস্বীকাৰ কৰিছিল। কিন্তু বহু বাক বিতণ্ডাৰ পিছত ৰাইজ সন্মত হৈছিল। ইতিমধ্যে বৰপেটাৰ পৰা আবিদা বেগমৰ মনোনয়ন পত্ৰ নাকচ হ’ব বুলি অহা খবৰে ৰাইজক শান্ত কৰিছিল। এনেকৈয়ে ১০ ডিচেম্বৰৰ সেই দিনটো বহু ঘটনা পৰিঘটনাৰে সমাপ্তি ঘটিছিল।
যুগান্ত বায়ন
৮৮৭৬৪১৫০৮৯