নগাঁৱৰ আৰক্ষী জোৱান তথা ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ অম্লানজিৎ বৰঠাকুৰৰ পথ দুৰ্ঘটনাত মৃত্যু।নগাঁৱৰ আৰক্ষী জোৱান তথা ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ অম্লানজিৎ বৰঠাকুৰৰ পথ দুৰ্ঘটনাত মৃত্যু।

Share and Enjoy !

Shares

ৰাজ্যৰ উদীয়মান পাঞ্জা খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক প্ৰাপ্ত তথা অসম আৰক্ষীৰ জোৱান অম্লানজিৎ বৰঠাকুৰৰ সোমবাৰে নিশা নগাঁও জিলাৰ ৰহাৰ জোঙাল বলহুৰ ওচৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাৰ পাছতেই গুৰুতৰভাৱে আহত হয় অম্লানজিৎ বৰঠাকুৰ। আহত অম্লানক ততাতৈয়াকৈ নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।।

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বাসিন্দা তথা উদীয়মান পাঞ্জা খেলুৱৈ গৰাকীৰ নশ্বৰদেহ আজি বিয়লি নগাঁও আৰক্ষী ছাউনীলৈ অনা হয় আৰু জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা উপস্থিত হৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

আৰক্ষী ছাউনীতে সতীৰ্থ আৰক্ষী জোৱান সকলৰ লগতে পৰিয়ালৰ লোকেও শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। এই আকস্মিক মৃত্যুৱে অসম আৰক্ষীৰ লগতে ক্ৰীড়া অনুৰাগী সকলৰ মাজত শোকৰ ছাঁ পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *