হাইলাকান্দিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণহাইলাকান্দিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ

Share and Enjoy !

Shares

আজি বৰাকত উপস্থিত হৈ হাইলাকান্দি মহিলা উদ্যমিতা চেক বিতৰণ অনুষ্ঠানত উপস্থিত হয় মুখ্যমন্ত্ৰী। প্ৰায় ২৫ হাজাৰ মহিলা-পুৰুষৰ উপস্থিত মহিলা সকলক মহিলা উদ্যমিতা চেক বন্টন কৰে মুখ্যমন্ত্ৰী শৰ্মায়।

হাইলাকান্দি জিলাৰ প্ৰায় ১৭৭৭৪ গৰাকী মহিলাক আজি চেক বন্টন কৰা হয়। মহিলা উদ্যমিতা মহিলা সকলক এই চেক বন্টন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰ্থ্মত ১০ হাজাৰ আৰু এক বছৰৰ পিছত ২৫ হাজাৰ টকাকৈ দিয়া হ’ব আৰু তিনি বছৰৰ পিছত ৫০ হাজাৰ টকা দিয়া হ’ব। এই প্ৰ্কল্প পোৱাৰ বাবে তিনিটা সন্তান হ’ব নোৱাৰিব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

লগতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে, হাইলাকান্দি অসামৰিক চিকিৎসালয়ত MRI মেছনৰ শুভাৰম্ভ হ’ব আৰু হাইলাকান্দি জিলা ক্ৰীড়া সংস্থাৰ বাবে ২ কোটি টকা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । পিছত মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে হাইলাকান্দি মেডিকেল কলেজ স্থাপনৰ বাবে জিলা প্ৰ্শাসনক ভূমি দিয়াৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। লগতে অসমৰ গামছাৰ লগতে অসমৰ চাহ পাতও সমগ্ৰ বিশ্বত ঐতিহ্য তুলি ধৰিয়াছে প্ৰ্ধানমন্ত্ৰী গৰাকীয়ে। অসম পুনৰ বিজেপি চৰকাৰ হব বুলি দাবী মুখ্যমন্ত্ৰীৰ

Leave a Reply

Your email address will not be published. Required fields are marked *