বুধবাৰে লোকসভাৰ বিৰোধী দলপতি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ২০২৪ চনৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনত বৃহৎ ভোট চুৰিৰ অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰে যে প্ৰায় ২৫ লাখ ভোট চুৰি কৰি বিজেপিৰ জয় সুনিশ্চিত কৰিছিল।
ৰাহুল গান্ধীয়ে আজি দিল্লীত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰি হাৰিয়ানাত ২৫ লাখ ভোট চুৰি কৰাৰ অভিযোগ উঠিছে। তেওঁ কয় ইয়াৰ অৰ্থ হ’ল প্ৰতি ৮টা ভোটৰ ভিতৰত এটা ভোট ভুৱা৷ প্ৰায় ১২.৫ শতাংশ ভোট ভুৱা। আনহাতে ব্ৰাৰ্জিলৰ মডেলৰ ফটো ব্যৱহাৰ কৰা হৈছে৷ সেই ফটোৰে ১০টা বুথত ২২বাৰ ভোট প্ৰদান কৰিছিল৷ এই কথাটো উল্লেখ কৰি গান্ধীয়ে অভিযোগ কৰে যে এই ঘটনা ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত এটা প্ৰত্যক্ষ আঘাত।
ৰাহুল গান্ধীৰ মতে, কংগ্ৰেছৰ একাধিক প্ৰাৰ্থীয়ে ফলাফল ঘোষণা হোৱাৰ লগে লগে ভূমিস্তৰৰ বাস্তৱতাৰ সৈতে ফলাফল মেল নাখোৱা বুলি আপত্তি জনাইছিল। তেওঁ কয় যে অধিকাংশ এক্সিট পোলে কংগ্ৰেছৰ স্পষ্ট জয়ৰ পূৰ্বাভাস দিছিল, কিন্তু চূড়ান্ত ফলাফলত বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰে।
ৰাহুল গান্ধীয়ে এক ভিডিঅ’ ক্লিপো প্ৰকাশ কৰে, য’ত মুখ্যমন্ত্ৰী নয়াব সিং চাইনীয়ে সাংবাদিকসকলক কৈছিল যে ফলাফল ঘোষণাৰ আগতেই “ব্যৱস্থা কৰা হৈছিল”। গান্ধীয়ে কয় যে এই মন্তব্য ভোটগ্ৰহণৰ দুদিন পিছতে দিয়া হৈছিল, যেতিয়া সকলো সূচকে দেখুৱাইছিল কংগ্ৰেছ ৰাজ্যখনত বিজয়ী হ’ব। তেওঁ তাত হাঁহি থকা অৱস্থাত কয় — বিজেপিয়ে ব্যৱস্থা কৰিছে। প্ৰশ্ন হৈছে — এই ব্যৱস্থা মানে কি আছিল?”
তেওঁ লগতে অভিযোগ কৰে যে ডাকযোগে প্ৰাপ্ত ভোটত (postal ballot)ও অনিয়ম হৈছিল, যি হাৰিয়ানাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভোটকেন্দ্ৰৰ ফলাফলৰ সৈতে বিপৰীত দিশে গৈছিল। গান্ধীয়ে কয়, “আমাৰ হাতত প্ৰমাণ আছে যে কংগ্ৰেছৰ জয়ক পৰাজয়লৈ পৰিণত কৰিবলৈ এটা সুসংগঠিত ষড়যন্ত্ৰ ৰূপায়ণ কৰা হৈছিল।” তেওঁ নিৰ্বাচন আয়োগৰ (ECI) সততা আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ বিশ্বাসযোগ্যতা সন্দৰ্ভত প্ৰশ্ন তোলে।
পৰিসংখ্যাগত তথ্য উদ্ধৃত কৰি গান্ধীয়ে কয় যে কংগ্ৰেছে আটাইতকৈ কম মাৰ্জিনত ৮টা আসনত হাৰিছে, যাৰ ভিতৰত এটা আসনত কেৱল ৩২ ভোটৰ ব্যৱধান। এই আটাইকেইখনৰ আসনৰ মাৰ্জিন একেলগে গণনা কৰিলে কেৱল ২২,৭৭৯ ভোটৰ ব্যৱধান। তেওঁ কয়, “অৰ্থাৎ, কংগ্ৰেছে হৰিয়ানাত কেৱল ২২,৭৭৯ ভোটৰ বাবে পৰাজিত হৈছে।”
এই ঘটনাক “ইচ্ছাকৃত হস্তক্ষেপৰ প্ৰমাণ” বুলি অভিহিত কৰি, ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ পৰা স্বচ্ছতা আৰু বিজেপিৰ পৰা জবাবদিহিতা দাবি কৰে। তেওঁ কয়, “ইয়াক কাকতালীয় বুলি উপেক্ষা কৰি নোৱাৰি — এইটো এটা সুগভীৰ গণতান্ত্ৰিক সংকট।”