Share and Enjoy !

Shares

হেমন্ত কুমাৰ বৰুৱা আৰু দিগন্ত কুমাৰ শৰ্মাক আপকু দৰঙৰ মণিময় গোস্বামী সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান।

দৰং জিলা পৰিষদৰ সভাপতি শেৱালি গোস্বামী কলিতা, মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া, গোলাঘাট আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ভূমিকা গোস্বামীক উষ্ম অভিনন্দন জনোৱা হয় লগতে অনুষ্ঠানত উপস্থিত দুই শতাধিক বিশিষ্ট লোকক ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। দীনবন্ধু চহৰীয়া,মহেশ্বেতা দেৱী, হেমলতা দাস,কালীন্দ্ৰ বৰুৱা আৰু সঙ্গীবৃন্দৰ মনোজ্ঞ গীতেৰে জীপাল হৈ উঠে অনুষ্ঠান।
দেওবাৰে সাংবাদিক সংগঠন ‘আপকু”ৰ দৰং জিলা সমিতিৰ উদ্যোগত মঙলদৈ য়ুথ ক্লাবত অনুষ্ঠিত প্ৰয়াত ছাত্ৰ নেতা মণিময় গোস্বামী সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান অনুষ্ঠানত তেওঁৰে হোৱা ‘মুখামুখি অনুষ্ঠান’ত শুভাকাংক্ষী সকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি খ্যাতনামা উদ্যোগপতি গৰাকীয়ে অফুৰন্ত ইচ্ছাশক্তি, অসীম মনোবল,প্ৰবল আত্মবিশ্বাস ৰাখি যিকোনো কৰ্মত আত্মনিয়োগ কৰিলে জীৱনত সফলতা লাভ কৰিব পাৰি বুলি মন্তব্য কৰে।
আপকু দৰং জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদ আৰু সাধাৰণ সম্পাদক পঙ্কজ কুমাৰ শৰ্মাই আঁত ধৰা এই মনোজ্ঞ অনুষ্ঠানত দৰঙৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিক নিউজ লাইভৰ হেমন্ত কুমাৰ বৰুৱা আৰু নিয়মীয়া বাৰ্তা কাকতৰ দিগন্ত কুমাৰ শৰ্মাক আপকুৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
অনুষ্ঠানত প্ৰয়াত ছাত্ৰ নেতা মণিময় গোস্বামীৰ সহধৰ্মিনী তথা গোলাঘাট আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ভূমিকা গোস্বামী, দৰং জিলা পৰিষদৰ সভাপতি শেৱালি গোস্বামী কলিতা, দৰং জিলা পৰিষদৰে মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণক অভিনন্দন জ্ঞাপন কৰা হয়।

দৰঙৰ পৰা নিউজ ডেস্ক ৰিপোৰ্ট khabar north east

Leave a Reply

Your email address will not be published. Required fields are marked *