Share and Enjoy !

Shares

পয়লা গাঁৱত কিশোৰী নিৰুদ্দেশ। দশম শ্ৰেণীৰ ছাত্ৰী গৰাকীৰ নিৰুদ্দেশকলৈ সংকিত অভিভাৱক।

নলবাৰী চহৰৰ নিচেই সমীপত থকা পয়লা গাওঁ নিৱাসী অপূৰ্ব কুমাৰ শৰ্মা আৰু সুভদ্ৰা দেৱীৰ ডাঙৰ ছোৱালী জয়শ্ৰী দেৱী যোৱা ১১ অক্টোবৰৰ পৰা নিৰুদ্দেশ হয় আছে।

ইতিমধ্যে ছোৱালীজনী নিৰুদ্দেশ হোৱা ঘটনা সন্দৰ্ভত নলবাৰী সদৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হোৱা বুলি ছোৱালীগৰাকীৰ পৰিয়ালে জানিবলৈ দিয়ে। এজাহাৰ দাখিল কৰিছোঁ যদিও বৰ্তমানলৈ কিশোৰীগৰাকীৰ কোনো সন্ধান পোৱা নাই।

কোনো লোকে কিশোৰীগৰাকীৰ কিবা সম্ভেদ পালে নলবাৰী আৰক্ষী চকীত যোগাযোগ কৰিবলৈ আহ্বান জনাই পৰিয়ালৰ লোকে। নতুবা ৯১০১৩৭২৯৬৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই।

Leave a Reply

Your email address will not be published. Required fields are marked *