Share and Enjoy !

Shares

ৰহা ১০ ডিচেম্বৰ: ১০ডিচেম্বৰ শ্বহীদ দিৱস, সমগ্ৰ ৰাজ্যৰ লগতে অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে ৰহা সমজিলা প্ৰশাসনৰ উদ্যোগত ৰহা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত কৰা হয় শ্বহীদ দিৱসটি ৷এই উপলক্ষে দিনযোৰা কায্যসূচীয়ে বীৰ শ্বহীদ সকলৰ স্মৃতিত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে বন্তি প্ৰজ্বলন কৰি পূষ্পাঞ্জলী অৰ্পন কৰাৰ লগতে অসম সংগীত পৰিবেশনেৰে আৰম্ভ হোৱা কাৰ্য্যসূচীত ৪সহস্ৰাধিক লোক আৰু বিভিন্ন বিদ্যালয়,মহাবিদ্যালয় ৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ শ্বহীদ প্ৰনামো তোমাক গীতটি সমবেদ কন্ঠত পৰিবেশন কৰা হয় লগতে শ্বহীদ দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰন কৰা হয়।উক্ত অনুষ্ঠানত ৰহা সমজিলা আয়ুক্ত ড° অংকিতা বৰাৰ আদৰনি ভাষন প্ৰদান কৰে আৰু ৰুবুল দাসে আঁত ধৰা অনুষ্ঠানত নগাঁও জিলা বিজেপি উপ সভাপতি সুবৰ্ন সিং,ৰহা সমজিলা আৰক্ষী অধীক্ষক সোনমণি শইকিয়া,ৰহা ৰাজহ চক্ৰ বিষয়া সুপ্ৰভা ৰয়,প্ৰাক্তন বিধায়ক গুনেশ্বৰ দাস, ৰহা পৌৰসভাৰ উপ পৌৰপতি অনিমা দাস,ৰহা মহাবিদ্যালয় ৰ অধক্ষ্য ড° বেদ কুমাৰ চলিহা,অধ্যাপক মৃনাল শৰ্মা,
তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্য্যবাহী সদস্য সুৰুজ কোঁৱৰ,সমাজকৰ্মী মৃদুল হাজৰিকা সহ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধি সহ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় ৰ শিক্ষক শিক্ষয়ত্ৰী, ছাত্ৰ ছাত্ৰী,আৰক্ষী প্ৰশাসন আৰু গন্যমান্য ব্যক্তি উপস্থিত থাকি বীৰ স্বহীদসকল স্মৰণ কৰি শ্ৰদ্ধা প্ৰদান কৰে ৷ বীৰ স্বহীদসকলৰ স্মৃতিত ৰহা সমজিলা উদ্যোগত ৰহা বাসীয়ে লোৱা প্ৰদক্ষেপ সচাকৈয়ে শলাগীয় তথা আদৰণীয় ৷

ৰহা পৰা নৱজ্যোতি ভূঞা প্ৰতিবেদন ৷

Leave a Reply

Your email address will not be published. Required fields are marked *